তিনিটা ভাল খবৰ

0 263

আৰিয়ান এণ্টাৰ টেইণ্টেমেণ্টৰ বেনাৰত ৰ্নিমিত তাণ্ডৱ of পাণ্ডৱ নামৰ এখন ছবি অতি শীঘ্ৰে ছবিগৃহত মুক্তি লাভ কৰিব। ১৮ মে’ত মুক্তি লাভ কৰিব লগীয়া ছবিখনৰ সম্পৰ্কত আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত অভিনেতা জয়ন্ত দাসে কয় যে সাম্প্ৰতিক সময়ৰ জলন্ত সমস্যাক উপস্থাপন কৰি ছবিৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। হিন্দুবাংলাদেশী প্ৰসংগ, নিবনুৱা সমস্যাই ছবিখনত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ছবিখনৰ পৰিচালনাৰ লগত অংকিতা চৌধুৰী আৰু পৰিচালনাত প্ৰিয়ম নিৰ্মল জড়িত হৈ আছে। অভিনয় কৰিছে জয়ন্ত দাস, বৰষা, বিকি, জয়ন্ত ভাগৱতী, হিৰণ্য ডেকাৰ লগতে বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে। গীত সমূহত কণ্ঠ দান কৰিছে জুবিন গাৰ্গ, সুবাসনা দত্ত, নীল আকাশ আৰু নাচিকেতাই। আজিৰ সংবাদ মেলত গল্পকাৰ বৈদুৰ্য্য বৰুৱাৰ লগতে আন বহুতো শিল্পী উপস্থিত থাকে।

আই এন আই এফ ডি ৰ উদ্যোগত আৰু নেক্স নৰ্থইষ্ট জেন নেক্সৰ সহযোগত ফেচনিষ্টা ফেচ নামৰ এক ফেশ্বন শ্ব’ অহা ১৩ মে’ আই টি এ গুৱাহাটী মাছখোৱাত অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে ফেশ্বন জগতৰ লগত জড়িত সকলে এখন মঞ্চ লাভ কৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে।

আনহাতে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ সম্পাদক সকলৰ মতামত গ্ৰহণৰ উদ্দেশ্যে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰীয়ে সম্পাদক সমূহৰ পৰামৰ্শ সমূহ গুৰুত্ব সহকাৰে লয় আৰু পৰামৰ্শ সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলিও আশ্বাস দিয়ে। আনহাতে ৰাজ্যবাসীৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো সিন্ধান্ত ৰাজ্যচৰকাৰে নলয় বুলিও আশ্বাস দিয়ে।

Leave A Reply

Your email address will not be published.