নীলা চৰাই দি যোৱা নীলাৰ খবৰ

0 352

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস। সমগ্ৰ বিশ্বতে এই দিৱস উলহ-মালহেৰে উদযাপন কৰা হৈছে। বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে সমসাময়িক শিতানত আগবঢ়ালো “নীলা চৰাই দি যোৱা নীলাৰ বতৰা” শীৰ্ষক এক লেখা। আহকচোন Nefocus.com য়ে Exclusive কি আগবঢ়াইছে গম লও..। চৰাইৰ দৰে হ’বলৈ কোনেনো নিবিচাৰে! মুক্ত মনে ইঠাইৰ পৰা সিঠাইলৈ যাব পৰাকৈ..। আচলতে চৰাইৰ নিচিনা শান্ত, নিৰ্জু প্ৰকৃতিৰ প্ৰাণী দ্বিতীয় বিধ পোৱাটো হয়তো বিৰল। প্ৰকৃতিৰ অন্যতম অংগ হিচাপে পক্ষীয়ে মানৱ সমাজক বহু কিবাকিবি দি আহিছে। অথচ প্ৰকৃতিৰ এই প্ৰাণী বিধকে আমি গুৰুত্ব সহকাৰে নলও। আপুনি শুনি আচৰিত হ’ব  যে ৭ডাল পুৰঠ গছেহে এজন মানুহক ১৬ কেজি অক্সিজেন গেছ দিব পাৰে। প্ৰসংগটো এইখিনিতে উল্লেখ কৰা কাৰণ হ’ল গছ, মানৱসমাজ আৰু চৰাইৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে।

দীৰ্ঘদিন ধৰি চৰাইৰ বাবে বিশেষভাৱে কাম কৰি অহা অন্যতম এন জি অ’ হ’ল আৰলি বাৰ্ড। জানি সুখী হ’ব যে এদল প্ৰকৃতি প্ৰেমীৰ উৎসাহত মলয় বৰুৱাৰ নেতৃত্বত পৰিচালিত হৈ থকা এন জি অ’ টোৰ জৰিয়তে পক্ষী সংৰক্ষণৰ ব্যৱস্থা কৰা হয় আৰু ঠাই বিশেষে পৰিভ্ৰমী চৰাইৰ তালিকা প্ৰস্তুত কৰা হয়। উল্লেখযোগ্য যে অসমৰ প্ৰায় ৪৩ খন ঠাই চৰাইৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নিৰাপত্তা, খাদ্য আৰু প্ৰজননৰ উপযুক্ত পৰিবেশ নোপোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত অসমলৈ পৰিভ্ৰমী চৰাই কমকৈ অহাটো পৰিলক্ষিত হৈছে। এই মন্তব্য মলয় বৰুৱাৰ। তেওঁ লগতে কয় যে বছৰি তেওঁলোকৰ এন জি অ’ ৰ জৰিয়তে ১০০জোপা গছ ৰোপন কৰা হয়। ইয়াৰ উপৰিও বিল, জলাহ ভূমি আদি সংৰক্ষণৰ বাবে চৰকাৰক বিষয়টো দৃষ্টি গোচৰ কৰি আহিছে।

প্ৰায় ৩০ বছৰ ধৰি পক্ষীৰ হৈ চিন্তা কৰি অহা আৰু সেই চিন্তাৰ ফচল নৱপ্ৰজন্মক দিব বিচৰা অন্যতম ব্যক্তি হ’ল ভুবনেশ্বৰ শৰ্মা। গুৱাহাটীৰ জু-ৰোডৰ বাসিন্দা শৰ্মাই ২০ খন পক্ষী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে। পৰীভ্ৰমী চৰাই সম্পৰ্কত শৰ্মাই Nefocus.comৰ আগত এনেদৰে কয়.. বেদখলকাৰীৰ প্ৰভাৱ, মানুহৰ অত্যাচাৰ আদিৰ কাৰণে পৰিভ্ৰমী চৰাইৰ সংখ্যা আগতকৈ কমিছে। কিছুমান হাঁহ জাতীয় চৰাই পৰিভ্ৰমণ কৰিব আহি নিগাজিকৈ থাকি যায়। উল্লেখযোগ্য যে ভুবনেশ্বৰ শৰ্মাই বহুকেইখন গ্ৰন্থ সম্পূৰ্ণ তথ্যৰ ভিত্তিত লিখি উলিয়াইছে।

অসমৰ প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত অন্যতম এন জি অ’ হ’ল আৰণ্যক। এই আৰণ্যকৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিভাব কুমাৰ তালুকদৰে পৰিভ্ৰমী চৰাইৰ সম্পৰ্কত এনেদৰে কয়.. বিশেষকৈ অক্টোবৰ, নৱেম্বৰ মাহত পৰিভ্ৰমী চৰাইৰ সংখ্যা বেছি হয়। আমাৰ দেশত শীতকাল পৰাৰ লগে-লগে অসংখ্য পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। খাদ্য, বাসস্থান তথা নিৰাপত্তা জনিত কাৰণত পৰিভ্ৰমী চৰাই নিগাজিকৈ নাথাকে। অসমলৈ বৰ্তমান ১৮০ বিধমান পৰিভ্ৰমী চৰাই আহে। কোনো সংগঠনে কিমান চৰাই আহে তাৰ সঠিক হিচাপ ৰখাটো সম্ভৱ নহয়। কাৰণ বছৰি বিভিন্ন ঠাইৰ জলাশয়, বিল আদিত চৰাইৰ আগমন ঘটে আৰু চৰাইয়ে জনবসতি কম আৰু কোলাহল শূন্য, ঠাই বাসস্থান হিচাপে নিৰ্বাচন কৰে।

এয়া আছিল বিশ্ব পৰিভ্ৰমীপক্ষী দিৱসৰ লগত সংগতি ৰাখি পৰিভ্ৰমী পক্ষীৰ ওপৰত ভিওি কৰি প্ৰস্তুত কৰা পৰিভ্ৰমী পক্ষীৰ বিষয়ে জানিবলগীয়া কিছু কথা। এনেধৰণৰ খবৰ জানিবলৈ লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com

Leave A Reply

Your email address will not be published.