থানেশ্বৰ বড়োৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান

0 273

অসমৰ আঞ্চলিকতাবাদক এক অন্য গতি দিয়া প্ৰবীণ জাতীয়তাবাদী নেতা, সদ্যপ্ৰয়াত থানেশ্বৰ বড়োৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে তামুলপুৰৰ গুৰমৌত ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা উপস্থিত থাকি তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

স্মৃতিচাৰণ অনুষ্ঠানটিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ কেশৱ মহন্ত, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ঊৰ্খাও গৌড়া ব্ৰহ্ম আৰু ডাঃ ৰণোজ পেগু,বিধায়ক জলেন দৈমাৰী, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা, সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, গুণমুগ্ধ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.