১৯৯২ চনত জামতোলা মধ্য পাণ্ডুৰি হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই কাব্যিক জগতত সোমাই বৰ্তমানৰ এই সময় পাইছো। কাব্যিক সাধনা কৰি ৰাইজৰ পৰা পোৱা মৰম, চেনেহ আদিয়ে মোক বাৰুকৈয়ে অনুপ্ৰেৰণা যোগাইছে। এই মন্তব্য বিশিষ্ট কবি, সাহিত্যিক তথা শিক্ষয়িত্ৰী মামনি কলিতাৰ। জ্ঞানপীঠ বঁটা বিজয়িনী মামনি ৰয়ছম গোস্বামী বাইদেওৰ জন্মস্থান দক্ষিণ কামৰূপৰ আমৰাঙা গাঁওৰ নিৱাসী তথা নৱাৰুণ সাহিত্য সভা, আমৰাঙা বৰিহাটৰ প্ৰাক্তন সম্পাদক তথা শিক্ষক ভাস্কৰজ্যোতি দাসৰ পত্নী অসম মেঘালয় সীমান্তৰ বেৰিগাও প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী মামনি কলিতাই ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। অলপতে সাহিত্য সংগঠন নেবকাচৰ তৰফৰ পৰা ষষ্ঠ বাৰ্ষিক ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাৰ কাব্য সাধনা খিতাপ পাবলৈ সক্ষম হয়। ইয়াৰোপৰি ২০১৮ চনত প্ৰতিষ্ঠিত যোৰহাটৰ প্ৰজ্ঞা কস্তুৰি প্ৰকাশন গোষ্ঠীৰ পৰা বৰ্ষশ্ৰেষ্ঠ কবি বঁটা, শব্দ সাকো ফেচবুক গোটৰ পৰা কাব্যনন্দিনী উপাধি পাবলৈ সক্ষম হয়। নিজে লিখা লিখনিখিনি গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ হেপাহৰ বাবে যোৱা ৩ অক্টোবৰত প্ৰথম কাব্য সংকলন অপৰাজিতা প্ৰকাশিত হোৱাৰ পিছত ৫ ডিচেম্বৰত সেই মিঠা হাঁহিটো শীৰ্ষক গল্পপুথিখন প্ৰকাশিত হয়। যোৰহাটস্থিত প্ৰজ্ঞা কস্তুৰি প্ৰকাশন গোষ্ঠীৰ কাৰ্য্যালয়ত দুইখন গ্ৰন্থ প্ৰকাশৰ সময়ত অসমৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰোপৰি মামনি কলিতাই ৮ গ্ৰন্থ প্ৰকাশৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ