এতিয়া শীতকাল। এটা পুৰণি বছৰৰ সমাপ্তি আৰু আন এটা নতুন বছৰৰ আদৰণিৰ দোমোজা ৷ এই সময়ত মানুহৰ মন সাধাৰণতেই আনন্দ, আৱেগত অধীৰ। সেয়ে বনভোজকে ধৰি অন্যান্য পাৰ্টীও অধিক ৷ ইফালে প্ৰচণ্ড শীতৰ লগে লগে ঘন কুঁৱলীয়ে পথত যান-বাহন চলাচলত স্বাভাৱিকতেই সদস্যাৰ সৃষ্টি কৰে। এনেক্ষেত্ৰত নতুন পুৰণিৰ এই সময়চোৱাত যদি কোনোবাই বনভোজ আদিলৈ গৈ অত্যাধিক মদ্যপান কৰি গাড়ী চলাই তেতিয়া সমস্যা আৰু বহুগুণে বাঢ়ে। বিশেষকৈ অহা ৩১ ডিচেম্বৰত ৰাজ্যত যাতে এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া চানমাৰি উৰণীয়া সেঁতুৰ ইউ টাৰ্নত এক পথ সজাগতা সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবনৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব, সহকাৰী পৰিবহণ আয়ুক্ত আৰু জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ দায়িত্ববাহী গৌতম দাসে। সভাত জ্যোতি চিত্ৰবনৰ অধক্ষ্য বিদ্যাসাগৰ মুখ্য অতিথি হিচাপে ভাগ লৈ কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনামুক্ত অসমৰ যি সপোন দেখিছে তাক বাস্তৱায়িত কৰিবলে হলে পৰিবহণ বিভাগ, আৰক্ষীৰ লগতে চালক, যাত্ৰী, ৰাইজ সকলোৱে হাতত হাত ধৰি আগুৱাব লাগিব। যুৱ শক্তি সমাজৰ মূল শক্তি যদিও দুৰ্ঘটনাত একো একোজন সুঠাম ডেকা অকালতে হেৰাই যায় আৰু সমাজত বহু ক্ষতি কৰে। যাৰ বাবে এইক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগক সহায়ৰ হাত আগবঢ়াবলৈ জ্যোতি চিত্ৰবনৰ লগতে শিল্পী সমাজেও সহায়ৰ হাত আগবঢ়াব বুলি বিদ্যাসাগৰে ব্যক্ত কৰে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটী মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে কয়, এজন সদস্যৰ অকণমান অসাৱধানতাৰ বাবেই কেতিয়াবা পিতৃ মাতৃয়ে পৰিয়ালৰ সদস্যক হেৰুৱাব লাগে। সেয়ে নিজৰ সন্তানে যানবাহন চলাওঁতে ” গাড়ীচালনাৰ নীতি নিয়ম মানি নচলালৈকে আমি ইজনৰ পিছত সিজনক হেৰুৱাই থাকিব লাগিব। সভাত সন্মানীয় অতিথি হিচাপ ভাগ লৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত চেতনা দাস , মঞ্জুলা বৰুৱা , পাহাৰী দাস আৰু বিপুল দাসে ভাষণত কয় – সকলো লোক যদি সচেতন হয় তেতিয়াহে দুৰ্ঘটনা ৰোধ কৰিব পৰা হব । বিশেষকৈ বনভোজৰ সময়ত মদ্যপান কৰি বাহন নচললে আৰু কুঁৱলী পৰা সময়ত নিশাৰ ভাগত বাহন নচলালে , বাইকৰ বাবে উৎপাত কৰা সন্তানক পিতৃ মাতৃয়ে নিয়ন্ত্ৰণ কৰিলেহে দুৰ্ঘটনাৰ সংখ্যা কমি যাব । সভাত আঁত ধৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় দুৰ্ঘটনাত সহায় কৰোতা কোনো সমস্যাৰ সন্মুখীন নহয়। তেওঁলোক কোনো বিপদত নপৰে। বৰঞ্চ কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ’ব বুলি গৌতম দাসে সদৰি কৰে । আনহাতে সভাত চৰকাৰৰ গুড এছ এম আৰ আইনৰ প্ৰতি সহযোগ কৰি আজি এনেকুৱা দুগৰাকী ব্যক্তিক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সভাৰ পুর্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাত নিহত লোক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচিত্ৰ পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত “নেট ফিমছ” নামৰ গুৱাহাটীৰ সাংস্কৃতিক গোষ্ঠীটোৱে “দুৰ্ঘটনা আৰু সুৰাপান ” বিষয়ক এখন বাটৰ নাট পৰিবেশন কৰে ।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ