দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস আৰু উপদেষ্টা প্ৰকাশ দাসক আজি মিৰ্জাস্থিত শ্বহীদ ভৱন প্ৰাঙ্গণত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জীতুল কুমাৰে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস আৰু উপদেষ্টা প্ৰকাশ দাসক দক্ষিণ কামৰূপ ছাত্ৰ তৰফৰ পৰা গামোচা, চেলেং চাদৰ, জাপি, শৰাই, ফুলৰ থোপা, শুভেচ্ছা পত্ৰৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা ছাত্ৰ সন্থা সমূহৰ লগতে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একটা সভা, বিভিন্ন ব্যক্তিসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে ছাত্ৰ সন্থাত জড়িত হোৱাৰে পৰা বিভিন্ন স্মৃতি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক পদ তেওঁক দিয়া বাবে গৌৰৱ অনুভৱ কৰি সদৌ অসম ছাত্ৰ সন্থা তথা দক্ষিণ কামৰূপ ছাত্ৰ বিষয়ববীয়া তথা সদস্য বৃন্দক ধন্যবাদ জ্ঞাপন কৰে দাসে। সভাত আন এগৰাকী সম্বৰ্ধিত ব্যক্তি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসেও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কামৰূপ উপদেষ্টা ধীৰাজ দাস, বিত্ত সম্পাদক ঋতুমণী চৌধুৰীসহ সদস্যসকল উপস্থিত থাকে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি