দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস আৰু উপদেষ্টা প্ৰকাশ দাসক আজি মিৰ্জাস্থিত শ্বহীদ ভৱন প্ৰাঙ্গণত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জীতুল কুমাৰে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস আৰু উপদেষ্টা প্ৰকাশ দাসক দক্ষিণ কামৰূপ ছাত্ৰ তৰফৰ পৰা গামোচা, চেলেং চাদৰ, জাপি, শৰাই, ফুলৰ থোপা, শুভেচ্ছা পত্ৰৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা ছাত্ৰ সন্থা সমূহৰ লগতে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একটা সভা, বিভিন্ন ব্যক্তিসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে ছাত্ৰ সন্থাত জড়িত হোৱাৰে পৰা বিভিন্ন স্মৃতি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক পদ তেওঁক দিয়া বাবে গৌৰৱ অনুভৱ কৰি সদৌ অসম ছাত্ৰ সন্থা তথা দক্ষিণ কামৰূপ ছাত্ৰ বিষয়ববীয়া তথা সদস্য বৃন্দক ধন্যবাদ জ্ঞাপন কৰে দাসে। সভাত আন এগৰাকী সম্বৰ্ধিত ব্যক্তি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসেও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কামৰূপ উপদেষ্টা ধীৰাজ দাস, বিত্ত সম্পাদক ঋতুমণী চৌধুৰীসহ সদস্যসকল উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan