ক`ৰণা ভাইৰাছে আমাৰ দেশ তথা সমগ্র বিশ্বজুৰি মানুহৰ জীৱন তচ নচ কৰি পেলাইছে। পৰিস্থিতিৰ বৰ অধিক অৱনতি ঘটিছে। আমাৰ শ্বহীদ পৰিয়ালসমূহ কেনে আছে, ইয়াৰ বুজ লোৱাৰ লগতে ভাবৰ আদান প্ৰদান কৰাৰ বাবে আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ পৰা এক প্ৰয়াস কৰে। পলাশবাৰী সমষ্টিৰ শ্বহীদ ৰাজেন কুমাৰৰ পত্নী কাঞ্চন কুমাৰী (সদাগৰপাৰা, জামৰতল, মিৰ্জা), শ্বহীদ চন্দ্রধৰ কলিতাৰ বোৱাৰী অঞ্জু কলিতা ( লাচিত নগৰ, মিৰ্জা), পশ্চিম গুৱাহাটী সমষ্টিৰ শ্বহীদ ৰমেশ মুৰাৰীৰ ভাতৃ ভদ্ৰেশ্বৰ মুৰাৰী (ৰাজাপানীচান্দা, কমলপাৰা, ৰাণী) ক নিজা বাসভৱনতে ফুলাম গামোচা, কিতাপৰ টোপোলা, গছৰ পুলিৰে আদৰ সম্ভাষন জনায়। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য তথা সৰবৰহী যুৱক সীমান্ত দাস, সদস্য বিমল নাথ প্ৰভৃতিয়ে এই কাৰ্যসূচীত ভাগ লয়। শ্বহীদ পত্নী কাঞ্চন কুমাৰীয়ে বৰ আবেগ বিহ্বল হৈ কয়- সচেতন মঞ্চৰ এই প্ৰয়াস বৰ উন্নত মানৰ হৈছে। তেওঁলোকৰ এই কাৰ্যই জগত সভাত এদিন স্থান পাব। মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ত্যাগত বৰ আনন্দ পোৱা যায়। গুণীক সন্মান দিবৰ বাবে আমি চেষ্টা কৰিব লাগে। শ্বহীদক লগতে তেওঁলোকৰ পৰিয়ালক সন্মান দিব লাগে। তেওঁলোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বেদনাৰ বুজ ল’ব লাগে। আমি সাধাৰণ চেষ্টাহে কৰিছোঁ। আনহাতে মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- আমি গভীৰ চিন্তাধাৰাৰে কাম কৰিব লাগে।কৰ্মপটুতা,বাগ্মিকতা বজাই ৰাখিব লাগে।
Trending
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন
- ধেমাজিৰ পানবাৰীত আহত সকলৰ ওচৰত উপস্থিত মন্ত্রী সঞ্জয় কিষাণ
- NRL celebrates World Environment Day 2023 at Bogidhala VGR, Sumoni
- মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী
- বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
- লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান