চলিত অসম পৰ্যটন আৰু ব্ৰেণ্ড কাৰ্যকলাপৰ অংশ হিচাপে অসম পৰ্যটন বিভাগে দক্ষিণ ভাৰতৰ বিভিন্ন চহৰত ৰোড শ্ব আয়োজিত কৰিছে।অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত অসম পৰ্যটনৰ বিষয়ববীয়া,ট্যুৰ অপাৰেটৰ সকলৰ লগতে এটা সাংস্কৃতিক দল ৰোড শ্ব’ৰ বাবে চেন্নাইত উপস্থিত হয়।কালি চেন্নাইৰ দ্য ৰেচিডেঞ্চি হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণত অসম পৰ্যটনৰ আকৰ্ষণ আৰু পৰ্যটনৰ ক্ষেত্রত থকা সম্ভাৱনাৰ বিষয়ে অৱলোকন কৰে।লগতে তেখেতে পৰ্যটনৰ ক্ষেত্রত জোৰ দি কয় যে বৈচিত্র্যপূৰ্ণ অসমখন বিশ্বৰ পৰ্যটকৰ বাবে সকলোতকৈ পচন্দৰ ঠাই।তেখেতে অনুষ্ঠানত উপস্থিত থকা ট্যুৰ অপাৰেটৰ সকলক প্ৰেৰণা দি অসমক নিজৰ পৰ্যটনৰ ঠাই হিচাপে গণ্য কৰি সেই পৰ্যায়ত উপনীত হেৱাৰ ক্ষেত্রত সহযোগিতা বিচাৰে।এই ক্ষেত্রত চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেখেতে নিশ্চিতি প্ৰদান কৰে।লগতে তেওঁ ব্ৰহ্মপুত্ৰ পুস্কৰ উৎসৱত দক্ষিণ ভাৰতৰ লক্ষাধিক ভক্তই পবিত্র ব্ৰহ্মপুত্ৰক আৰাধনা কৰি অনুষ্ঠান সফল কৰাৰ ক্ষেত্রত আগভাগ লোৱাৰ কথা দোহাৰে।অসম চৰকাৰৰ পৰ্যটন নিৰ্দেশক দেৱ কুমাৰ মিশ্ৰই অসম পৰ্যটনথলীৰ ওপৰত প্ৰস্তুত কৰা তথ্য সম্বলিত দৃশ্য শ্ৰাব্য ভিডিঅ’ পৰিৱেশন কৰে।ভাৰত পৰ্যটনৰ চেন্নাইৰ ক্ষেত্রীয় নিৰ্দেশক শ্ৰীবাটছ্ সঞ্জয়ে ভাষণ প্ৰসঙ্গত অসম পৰ্যটন উদ্যোগৰ বৰ্দ্ধিত ব্যৱসায়িক ক্ষমতা ঠেকা দি ৰাখিবলৈ চেন্নাই,কেৰেলা আৰু পণ্ডিচেৰীৰ ট্যুৰ অপাৰেটৰ আৰু ষ্টেক হ’ল্ডাৰ সকলক অনুৰোধ জনায়।অসমৰ ট্যুৰ অপাৰেটৰৰ হৈ অৱণী ট্ৰেভেলচ’ৰ মধুমিতা খাউণ্ডে অসম পৰ্যটনৰ সুবিধা আৰু সম্ভাৱনীয়তাৰ প্ৰদৰ্শন কৰে আৰু অসমলৈ সকলোকে আমন্ত্রণ জনায়।তাৰোপৰি অসমৰ সাংস্কৃতিক দলৰ গায়ত্রী মহন্ত,মধুস্মিতা দিহিঙ্গীয়া,বিপ্লৱ গগৈ,মানস ৰাজবংশী,ৰুমিলা বড়ো,দিশাদৃতি বৰুৱা,ভৰত হাজৰিকা সহিত সমূহ দলটেৱে সত্ৰীয়া,ঝুমুৰ,বিহু আৰু অন্যান্য নৃত্যৰ জৰিয়তে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ