দলীয় জয়লাভ পাছত মুখ্যমন্ত্ৰীৰ মন্তব্য সুখবৰ By admin On May 23, 2019 Chief Minister Sarbananda Sonowal warm felicitation by the people of Sarthebari Panchkhel in Barpeta District on 27-01-18.pix by ub photos 0 407 Share লোকসভা নিৰ্বাচনত শাসনাধিস্থ দল বিজেপিৰ পুনৰ জয়লাভত দলৰ ৰাজ্যিক কাৰ্য্যালয়ত কৰ্ম-কৰ্তাসকলৰ মাজত ব্যাপক আনন্দ-উল্লাহৰ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ কাৰ্যালয়ত উপস্থিত হয় আৰু নিজৰ মন্তব্য ব্যক্ত কৰে সংবাদমাধ্যমৰ আগত ।সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় “ভাল কাম কৰিলে ভাল ফল পায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সততা নিষ্ঠা আৰু বলিষ্ঠ পদক্ষেপৰ বাবেই আজি ভাৰতবৰ্ষৰ জনগণে মূল্যবোধৰ ক্ষেত্ৰত যি পৰিৱৰ্তনৰ বাতাবৰণ যোৱা ৫ বছৰত পাবলৈ সক্ষম হল তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনসাধাৰণে অগাধ বিশ্বাসেৰে ,আস্থাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনত প্ৰতিষ্ঠিত কৰাৰ নিমিত্তে সকলোৱে স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়ালে । আজি ভাৰতীয় জনতা পাৰ্টি এন ডি এ সৰহ সংখ্যক আসন পাবলৈ সক্ষম হল। এই সফলতাৰ অন্তত মোদী ডাঙৰীয়াৰ যি অৰিহণা আছে তাৰ বাবে মই প্ৰথমে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ পাহাৰ-ভৈয়ামৰ ৰাইজৰ হৈ আদৰ্শবাদী নেতা , বলিষ্ঠ আৰু নিষ্ঠাৱান নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।”আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ” তেখেতে গোটেই নিৰ্বাচনতো দক্ষতাৰে পৰিচালনা কৰিলে আৰু তেখেতে প্ৰস্তুত কৰা পৰিকল্পনা আৰু সেই পৰিকল্পনা বাস্তৱায়িত কৰাৰ নিমিত্তে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ , অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে বিভিন্ন ৰাজ্যত থকা নিষ্ঠাৱান কৰ্ম-কৰ্তাক জনসাধাৰণৰ ওচৰলৈ গৈ জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে সহায় বিচৰাৰ নিমিত্তে নিজকে নিয়োগ কৰিলে তাৰবাবে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিহাস ৰচনা কৰিলে।”ইয়াৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে অসমৰ বুকুত অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ ভোটদাতা ৰাইজে যেনেধৰণে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বি পি এফ, অগপ, সন্মিলিত গণ শক্তি, ৰাভা,তিৱাই আমাৰ প্ৰচেষ্টাক আদৰণি জনালে, আন্তৰিকতাৰে আঁকোৱালি ললে তাৰবাবে ভোটদাতা ৰাইজলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ।আনহাতে,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা যি কঠোৰ পৰিশ্ৰম কৰিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তাৰবাবেও ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ” আমি সকলোৱে দল আৰু চৰকাৰৰ প্ৰতিনিধিসকলে মিলিত প্ৰচেষ্টাৰে এটা পৰিয়ালৰ মানসিকতাৰে অসমৰ বুকুত কাম কৰিলোঁ আৰু এই কামত আজি অসমৰ জনগণে সঁহাৰি আগবাঢ়িলে । তাৰবাবেহে অসমৰ বুকুত সফলতা লাভ কৰিবলৈ সক্ষম হলো । যোৱা ৫ বছৰে নৰেন্দ্ৰ মোদীয়ে যিমান সততা আৰু নিষ্ঠাৰে ভাৰতীয় ৰাজনীতিৰ পথত প্ৰতিষ্ঠা লাভ কৰিলে আগন্তুক দিনত আমিও সেই আদৰ্শেৰে অসমৰ বুকুত চৰকাৰ পৰিচালনা কৰিব লাগিব আৰু সেই আদৰ্শেৰে আমি নতুন প্ৰজন্মক নতুনত্ব প্ৰদান কৰিব লাগিব। সৱকা সাথ সৱকা বিকাশ নীতিৰ দ্বাৰা আমি বৰাক – ব্ৰহ্মপুত্ৰত শান্তি, সমৃদ্ধি, ভাতৃত্ববোধক শক্তিশালী ৰূপত গঢ় দি অসমক ভাৰতৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব ।” 0 407 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail