দিছপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৩ এপ্ৰিলত ক্লাব চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) গৌতম দাসক বিপুল সম্বৰ্ধনা জনোৱা হয় । বিশেষকৈ বিগত সময়চোৱাত গৌতম দাসে ৰাজহ সংগ্ৰহকে ধৰি পৰিবহন বিভাগক জনমুখী কৰি ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কৰা প্ৰয়াস আৰু পথ সুৰক্ষাৰ বাবে যান বাহনৰ চালক, পৰিচালক আৰু হেণ্ডিমেনৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, অমল গুপ্ত, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক পি.কে. দত্তকে ধৰি ক্লাৱৰ কৰ্মকর্তা সকলে গৌতম দাসক জাপি , গামোছা, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত পৰিবহন বিষয়া গৌতম দাসে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগতে অতন্দ্ৰ প্ৰহৰী বুলি ব্যক্ত কৰে আৰু বিগত সময়চোৱাত পৰিবহন বিভাগক পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে সংবাদ মাধ্যমে লোৱা বলিষ্ঠ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে