দিছপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৩ এপ্ৰিলত ক্লাব চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) গৌতম দাসক বিপুল সম্বৰ্ধনা জনোৱা হয় । বিশেষকৈ বিগত সময়চোৱাত গৌতম দাসে ৰাজহ সংগ্ৰহকে ধৰি পৰিবহন বিভাগক জনমুখী কৰি ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কৰা প্ৰয়াস আৰু পথ সুৰক্ষাৰ বাবে যান বাহনৰ চালক, পৰিচালক আৰু হেণ্ডিমেনৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, অমল গুপ্ত, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক পি.কে. দত্তকে ধৰি ক্লাৱৰ কৰ্মকর্তা সকলে গৌতম দাসক জাপি , গামোছা, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত পৰিবহন বিষয়া গৌতম দাসে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগতে অতন্দ্ৰ প্ৰহৰী বুলি ব্যক্ত কৰে আৰু বিগত সময়চোৱাত পৰিবহন বিভাগক পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে সংবাদ মাধ্যমে লোৱা বলিষ্ঠ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram