বিশ্ব পশু চিকিৎসা দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউৰ বৰহাটত পশুধন পঞ্জীয়ন

0 252

সমগ্ৰ বিশ্বতে আজি পশু চিকিৎসা দিৱস পালন কৰা হয়। পশুৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়োৱা পশু চিকিৎসা চিকিৎসকসকলৰ গুৰুত্ব চিহ্নিত কৰিবলৈ প্ৰতি বছৰে ইয়াক পালন কৰা হয়। বিশ্ব পশু চিকিৎসা দিৱসৰ বিষয়বস্তু হৈছে “পশুধন আৰু মানৱ স্বাস্থ্য উন্নত কৰাৰ বাবে পৰিৱেশ সুৰক্ষা কৰা” । ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ পশু চিকিৎসা বৃত্তিধাৰীসকলৰ কামৰ প্ৰচাৰ কৰা যিহেতু তেওঁলোকে মানৱ আৰু পশু কল্যাণ, খাদ্য সুৰক্ষা, পশু পৰিবহন আৰু সংৰক্ষণৰ পদ্ধতি, পৰিৱেশ, আৰু পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষা উন্নত কৰাৰ বাবে পশু চিকিৎসা চিকিৎসকসকলে কাম কৰি আহিছে । আজি বিশ্ব পশু চিকিৎসা দিৱস উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যিক পশু চিকিৎসালয়, চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট পশু চিকিৎসালয়ৰ অধীনত মিছাজান গাওঁত ডা° প্ৰাঞ্জলী শইকীয়াৰ উপস্থিতিত প্ৰায় ডেৰ শতাধিক (১৫০) পশুধন পঞ্জীয়ন তথা চিকিৎসাৰ লগতে ঔষধ বিতৰণ কৰা হয়।
খবৰ যুগুতালে চৰাইদেউৰ পৰা সুৰেন বুঢাগোঁহাইয়ে

Leave A Reply

Your email address will not be published.