দিনটোৰ সৰু-বৰ খবৰ

0 261

দিছপুৰ প্ৰেছ ক্লাৱত শুভ মহুৰত হ’ল সমীৰণ ৰাজখোৱা ফ্লিমছৰ নৱ নিৰ্মিত চিনেমা ৫ পাণ্ডৱৰ।  ইতিমধ্যে ছবিখনত অভিনয়ৰ বাবে শিল্পী বাচনিৰ কাম ইতিমধ্যে শেষ হৈছে।

IMG-20170824-WA0019

আজি এই শুভমহুৰত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক অনুপম চক্ৰৱৰ্তী, সৌন্দৰ্য্য বিশেষজ্ঞা মালা মহন্ত, ডিজাইনাৰ মেঘনা ৰায় মেধি, অভিনেতা মহেন্দ্ৰ দাসকে আদি কৰি বহুকেইজন ব্যক্তি। জানিব পৰা মতে অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা শ্বুটিং আৰম্ভ হ’ব।

IMG-20170824-WA0017

আনহাতে জুনিয়ৰ চেম্বাৰ ইণ্টাৰনেশ্যনেল চমুকৈ জে চি আই নামৰ সংস্থা এটাই এক সংবাদ মেল যোগে সদৰী কৰে যে বিভিন্ন সামাজিক কাম  যেনে অনাময় ব্যবস্থা কৰা মহিলাৰ স্বাস্থ্য, সবলীকৰণৰ ওপৰত বিভিন্ন কাম কৰি আছে। অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয় সমূহত জনসজাগতা মূলক কাৰ্য্যসুচী হাতত লৈছে। 

IMG-20170824-WA0018

ইফালে লক্ষীৰাম সদন আজি অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতা। 

Jazzy  ৰ সৌজন্যত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.