ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ চৌহদৰ আবাসীক এলেকাত ১৯ জানুৱাৰীত দিবা নৈশ কাৰ্যসূচীৰে বাৰ্ষিক ক্ৰীড়া সমাৰোহখন অনুষ্ঠিত হয়।সমাৰোহত এথলেটিকছ,ৰিলে ৰেছ,জেভলিন থ্ৰো,চটপুট,হাৰ্ডেল আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।তেনেদৰে শিশুৰ মাজত চিত্ৰাংকন আৰু স্কেটিং প্ৰতিযোগিতা হয়।আনহাতে পুৱা আবাসীক এলেকাৰ আবাসী,প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা কল্যাণময়ী’ৰ কৰ্মকৰ্তা সদস্য সকলৰ উপস্থিতিত বাৰ্ষিক ক্ৰীড়া সমাৰোহখন উদ্বোধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে।অনুষ্ঠানটোত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ক্ৰীড়া নিয়ন্ত্রণ পৰিষদৰ কেবাগৰাকী সদস্য উপস্থিত থাকে।ইয়াৰ উপৰি নিশা আবাসীক এলেকাৰ ক্ৰীড়া প্ৰকল্প চৌহদত সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীব জিন্দালে প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা আৰু মানপত্র প্ৰদান কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন