কালি ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাৰ মজিয়াত যি বাজেট উত্থাপন কৰিলে সেই বাজেটক ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন,পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এখন জনমুখী,সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বাজেট বুলি অভিহিত কৰিছে ৷
এই প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে বাজেটখন হৃদয়স্পৰ্শী হৈছে। কাৰণ বাজেটখনত শৈক্ষিক,সামাজিক,অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশসমূহ সামৰি লোৱাৰ উপৰিও ৰাজ্যখনৰ কৃষ্টি-সংস্কৃতিক বিশ্বমুখী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে ৷ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হৈছে আগন্তুক দিনত দিল্লী আৰু মুম্বাইত যি অতিৰিক্ত ‘অসম ভৱন’ নিৰ্মাণ হ’ব তাত প্ৰতিষ্ঠা কৰা হ’ব একোটাকৈ নামঘৰ ৷ অসমৰ আধ্যাত্মিক , সামাজিক -সাংস্কৃতিক প্ৰেক্ষাপটত নামঘৰৰ স্থান অনন্য বুলি উল্লেখ কৰি চৰকাৰৰ উদ্যোগত অসমৰ সমাজ ব্যৱস্থাৰ এই অনুপম অনুষ্ঠানক ৰাজ্যখনৰ বাহিৰত স্থাপনৰ এই পদক্ষেপে অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক দিশৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত অন্যতম অৰিহণা যোগাব বুলি তেওঁ কোৱাৰ লগতে অসমৰ ইতিহাসত এনে পদক্ষেপ পোনপ্ৰথমবাৰৰ বাবে লোৱা হৈছে বুলিও কয়৷ তদুপৰি অসম দৰ্শন আচঁনিৰ অধীনত নামঘৰ তথা ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য প্ৰদান,সত্ৰ প্ৰতিষ্ঠান সমূহৰ গুৰুত্বপূৰ্ণ অংগ হিচাপে সেৱা আগবঢ়াই থকা উদাসীন ভকতসকললৈ মাহে আৰ্থিক সাহায্য আগবঢ়োৱাৰ পদক্ষেপে সত্ৰীয়া সংস্কৃতিৰ সাধনা,উৎকৰ্ষ সাধন আদিত বিশেষ অৰিহণা যোগাব বুলি তেওঁ কয়।
উল্লেখযোগ্য যে সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে মন্ত্ৰী দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীৰ অসম ভৱনত নামঘৰ নিৰ্মাণ সম্পৰ্কে আৱেদন জনাইছিল। এইবাৰৰ বাজেটত দিল্লী-মুম্বাইত নিৰ্মাণ হ’বলগীয়া নতুন অসম ভৱনত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা উত্থাপন কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ এনে বলিষ্ঠ পদক্ষেপে অসমৰ আধ্যাত্মিক, সামাজিক -সাংস্কৃতিক দিশৰ প্ৰচাৰ,প্ৰসাৰ,সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত থকা দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰতিফলিত কৰিছে বুলিও তেওঁ কয়।