অলপতে ম্যানমাৰত অনুষ্ঠিত হোৱা মিষ্টাৰ মডেল অৱ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত দীপাংকৰ তালুকদাৰে খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই উদ্দেশ্যে আজি এক সংবাদ মেল অনুষ্ঠিত কৰি নিজৰ অভিজ্ঞতা সম্পৰ্কে মত বিনিময় কৰি কয় যে নিজৰ সপোন সাৰ্থক হোৱাত তেওঁ অত্যন্ত সুখী। উল্লেখযোগ্য যে ইয়াৰ উপৰিও দীপাংকৰ তালুকদাৰে মাৰ্চ মাহত অনুষ্ঠিত হোৱা মিষ্টাৰ ইণ্ডিয়া খিতাপ দখল কৰিবলৈও সক্ষম হৈছিল। লগতে ম্যানমাৰত অনুষ্ঠিত হোৱা মিষ্টাৰ ফটো জেনিক অৱ দ্য ৱৰ্ল্ড খিতাপো দখল কৰিবলৈ সক্ষম হয়। গৌৰৱৰ কথা যে ২০১৯ চনত হ’ব লগা মিষ্টাৰ মডেল অৱ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাৰ ব্যৱস্থাপনাৰ পৰিচালকৰ পদত নিয়োজিত কৰিছে। অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনা দীপাংকৰ তালুকদাৰৰ ঘৰ গুৱাহাটীত।
1 Comment
excellent job