গুৱাহাটী মহানগৰীৰ কাষৰীয়া দীপৰ বিলৰ পাৰত বিগত প্ৰায় ২০ বছৰৰো অধিক দিন ধৰি প্ৰদূষণ, পলিথিন, প্লাষ্টিক, বনৰীয়া হাতীৰ বিচৰণকে ধৰি বিভিন্ন কাৰণত খেতি নকৰা প্ৰায় ৫০ বিঘা ম্যাদি পট্টাৰ মাটিত এইবাৰ সৰিয়হৰ খেতিত ব্যস্ত হৈ পৰিছে মাটিৰ গৰাকী তথা বিলৰ গাতে লগা বৃহত্তৰ চকৰদৌ অঞ্চলৰ পাঁচজন যুৱক। তেওঁলোক হল ক্ৰমে – সুশীল টেৰণ, প্ৰমোদ কলিতা, পৰেশ কলিতা, পবন কলিতা (বিৰাজ) আৰু বলেন কলিতা। কোনো ধৰণৰ চৰকাৰী সহায় অবিহনে প্ৰথম বাৰৰ বাবে সমবায় ভিত্তিত এইবাৰ সৰিয়হৰ খেতি কৰিছে তেওঁলোকে মিলি। বিলৰ দাঁতিত প্ৰায় ৫০ বিঘা মাটি সামৰি কৰা সৰিয়হৰ খেতিৰ বীজ তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ক্ৰয় কৰিছে। অৱশ্যে এজন সফল ব্যৱসায়ীৰ লগতে আদর্শবান যুৱ কৃষক হিচাপে পৰিচিত পামহীৰ সুশীল টেৰণে তেওঁৰ দুখন টেক্টৰৰে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তিনি-চাৰিদিন ধৰি হাল বাই বছৰ বছৰ ধৰি দীপৰ বিলৰ প্ৰদূষণৰ কৱলত আৰু প্লাষ্টিক, পলিথিন, সুৰাৰ বটল আদিৰে পৰিবেষ্টিত হৈ থকা মাটিখিনি খেতিৰ উপযোগী কৰি তোলা কাৰ্যত সহায় কৰি দিছে। ইফালে চালে চকুৰোৱাকৈ সৰিয়হবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। লহপহকৈ বাঢ়ি অহা সৰিয়হৰ হালধীয়া ফুলে সুশোভিত কৰি তুলিছে দীপৰ বিলৰ চৌপাশ। অৱশ্যে খেতিডৰাত পানীৰ অভাৱৰ বাবে আশা কৰা ধৰণে সৰিয়হ সমূহ ফুলি উঠা নাই বুলি খেতিত আগভাগ লোৱা সুশীল টেৰণ আৰু প্ৰমোদ কলিতাই জানিবলৈ দিছে। তথাপিও তেওঁলোকে নিজৰ সৰিয়হৰ খেতিডৰাৰ ফচল ভাল হোৱাৰ আশাত কষ্ট কৰিও ভাগৰি পৰা নাই। কিয়নো এইবাৰ মিঠাতেলৰ গগনচুম্বী দামে বিশেষকৈ দুখীয়া, নিম্ন মধ্যবিত্ত পৰিয়ালক মাধমাৰ শোধাইছে। মিঠাতেলৰ এনে আকাশলংঘী দামৰ পৰা কিছু হ’লেও সকাহ পাবলৈ এইবাৰ তেওঁলোক সামর্থ্য অনুসৰি সৰিয়হৰ খেতি আৰম্ভ কৰিছে। সৰিয়হৰ খেতিৰ চাৰিওকাষে কৰিছে ৰঙালাওৰ খেতি। কিন্তু খেতিডৰা ঠন ধৰি উঠাৰ বাবে এজাক বৰষুণৰ আশাত বৰুণ দেৱতাক প্ৰাৰ্থনা কৰিব লগা হৈছে তেওঁলোকে। ইফালে এতিয়া সৰিয়হৰ হালধীয়া ফুলৰ দলিচাৰ দৃষ্টিনন্দন আভাই সকলোকে আকৰ্ষিত কৰিছে যদিও খেতিডৰাৰ দাঁতিত বিগত কেইদিনত বনভোজ খাবলৈ অহা একাংশ লোকৰ উন্মাদ আচৰণৰ বাবে তেওঁলোক বহু পৰিমাণে শংকিত হৈ পৰিছে। প্ৰমোদ কলিতা আৰু সুশীল টেৰণে সদৰি কৰা অনুসৰি বনভোজ খাবলৈ অহা একাংশ লোকে সুৰাপান কৰি সেই সুৰাৰ বটল ভাঙি খেতিৰ মাজলৈ দলিয়াই আসুৰীক তৃপ্তি লাভ কৰিছে। তেনেদৰে একাংশই আকৌ ভাত খোৱা ডিছপজেবল পাত, গিলাচ, বাতিকে ধৰি বনভোজ খাই ৰৈ যোৱা অৱশিষ্ট অংশসমূহ ৱেৰৰ ওপৰেৰে খেতিৰ ফালে দলিয়াই সমগ্ৰ পৰিবেশটোক বিনষ্ট কৰি পেলাইছে। এই কাৰ্যত আটাইকেইজন বহু হতাশ হৈ পৰিছে। অৱশ্যে এই হতাশাৰ মাজতো বছৰ বছৰ ধৰি পতিত হৈ থকা মাটিত এইবাৰ সৰিয়হৰ খেতিত নতুনকৈ তেওঁলোক নামি পৰাত আশাৰ ৰেঙনি দেখা গৈছে অঞ্চলটোৰ আন আন কৃষক সকলৰ মাজত। সৰিয়হৰ পাছত বাৰিষাৰ পূৰ্বে ভেণ্ডি খেতি কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে।
Trending
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত