গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলত বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ ৫ জানুৱাৰীত বিলৰ দাঁতি কাষৰীয়া কেবাখনো গাঁওৰ মাছমৰীয়া লোকসকলে সমূহীয়াভাবে মৎস চিকাৰ বা মাছ মৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মাছমৰীয়া সকলে নিজৰ নিজৰ নাওঁ সমূহ মেৰামতি কৰি পানীত চলাচল কৰাৰ বাবে সাজু কৰি তুলিছে। একেদৰে জাল, চেপা, লাঙিসহ মাছ ধৰা কাৰ্যত ব্যৱহৃত সা – সজুঁলি সমুহো সাজু কৰিছে। উল্লেখ্য যে শৃংখলাবদ্ধভাবে মাছ মৰাৰ ক্ষেত্ৰত সদায় আগভাগ লৈ আহিছে মাছমৰীয়া সকলৰ উন্নয়নৰ হকে কাম কৰি অহা একমাত্ৰ আৰু উমেহতীয়া সংগঠন “দীপৰ বিল পাছপাৰা সমবায় সমিতি”য়ে। সমিতিৰ উপদেষ্টাদ্বয় প্ৰদীপ দাস আৰু নীৰেন কুমাৰ দাস, সভাপতি গোলক দাস আৰু সাধাৰণ সম্পাদক গোলক দাসে জানিবলৈ দিয়া মতে এই মাছ ধৰা উৎসৱ নতুন ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ তথা ৫ জানুৱাৰীত ৰাজহুৱাকৈ শৃংখলাবদ্ধভাবে শুভাৰম্ভ কৰা হব। জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। যাতে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাবে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে। কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হীৰাপাৰা, হাতুৱাপাৰা,নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮০০ টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই পৰিয়াল সমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে। তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত পুৱতি নিশাৰে পৰা যাবতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয়। এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে। সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম – কাজ সমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে। আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ পাৰত আজাৰাৰ দিশত দেওবাৰ অৰ্থাৎ ৫ জানুৱাৰীৰ দিনা পুৱতি নিশাৰে পৰা পুনৰ পূৰ্বৰ দৰে সৃষ্টি হব উখল মাখল পৰিৱেশ। এই পৰিবেশ অহা মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব। উল্লেখ্য যে সোৱাদৰ বাবে বিখ্যাত দীপৰ বিলত মাছ মৰাৰ সময়ত পুৱাৰে পৰা মাছ কিনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে ভিৰ কৰে । এইবাৰো তাৰ ব্যতিক্রম নহব বুলি আশা কৰা হৈছে। ইফালে বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে। স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে। সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সদৰি কৰা অনুসৰি ২০২৪ বৰ্ষত বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি, মাছ বেছিকৈ পৰিছিল নাওঁ লৈ যোৱা মাছমৰিয়াৰ জালত। আনহাতে বন বিভাগৰ অনুৰোধত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সমূহীয়া মাছ ধৰা উৎসবৰ প্ৰাকক্ষণত যোৱা জানুৱাৰী মাহত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষিত অঞ্চলত কোনো মাছমৰিয়াই যাতে মাছ মাৰিবলৈ নাও লৈ যাব নোৱাৰে তাৰ বাবে ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছিল। কিন্তু অভয়াৰণ্য ঘোষিত অঞ্চলত প্ৰৱেশ নকৰাকৈয়ে বেছিভাগ মাছমৰিয়াই মাছ ধৰিছিল আৰু এইবেলিও তেনেকৈ মাছ মাৰিব বা সমূহীয়াভাবে মৎস চিকাৰ কৰিব বুলি সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী