দীপৰ বিল পৰ্যটন ক্ষেত্ৰত ৬ নৱেম্বৰত আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠানত ” দীপৰ বিলে মাতে” শীৰ্ষক গীতটি মুকলি কৰা হয় ৷ গীতটিৰ কথা,সুৰ আৰু কন্ঠ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা অঞ্চলৰ উদীয়মান শিল্পী জিতুমণি দাসৰ , সংগীত মৃনাল দাস আৰু ধীৰাজ বড়া,সম্পাদনা মামনি কলিতা,দৃশ্যগ্ৰহণ ৰুবুল দাস৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ’দীপৰ বিলৰ বিননি’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷অনুষ্ঠানত সমল ব্যক্তি হিচাপে হাফিজ আহমেদ,অনুৰূপা ডেকাৰজা, দীনেশ দাস,বকুল ৰংপি, প্ৰমোদ কলিতাকে আদি কৰি কেইবাজনো প্ৰকৃতিপ্ৰেমী লোকে প্ৰকৃতি তথা দীপৰ বিল সুৰক্ষাৰ স্বাৰ্থত বক্তব্য আগবঢ়ায়৷ দুঃসাহসিক মহিলা অঞ্জলী দাসে স্বাস্হ্য আৰু প্ৰকৃতি সম্পৰ্কে ভাষণ দিয়ে৷ চিত্ৰ অংকনৰ অনুষ্ঠানত তিনিজন চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত হীৰকজ্যোতি মালীৰ ৰচনা আৰু পৰিচালনাৰে ’দীপৰ বিলে ৰিঙিয়াই’ আৰু মৃনাংক ডেকাৰ পৰিচালনাৰে ’চেভ দীপৰ বিল’ নামেৰে মুকাভিনয়েৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত উপস্থিত সকলোৱে হাতে হাতে প্লে কাৰ্ড , বেনাৰ লৈ “দীপৰ বিল ৰক্ষা কৰো আহক” মানৱ শৃংখল কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।
Trending
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ