দীপৰ বিল পৰ্যটন ক্ষেত্ৰত ৬ নৱেম্বৰত আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠানত ” দীপৰ বিলে মাতে” শীৰ্ষক গীতটি মুকলি কৰা হয় ৷ গীতটিৰ কথা,সুৰ আৰু কন্ঠ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা অঞ্চলৰ উদীয়মান শিল্পী জিতুমণি দাসৰ , সংগীত মৃনাল দাস আৰু ধীৰাজ বড়া,সম্পাদনা মামনি কলিতা,দৃশ্যগ্ৰহণ ৰুবুল দাস৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ’দীপৰ বিলৰ বিননি’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷অনুষ্ঠানত সমল ব্যক্তি হিচাপে হাফিজ আহমেদ,অনুৰূপা ডেকাৰজা, দীনেশ দাস,বকুল ৰংপি, প্ৰমোদ কলিতাকে আদি কৰি কেইবাজনো প্ৰকৃতিপ্ৰেমী লোকে প্ৰকৃতি তথা দীপৰ বিল সুৰক্ষাৰ স্বাৰ্থত বক্তব্য আগবঢ়ায়৷ দুঃসাহসিক মহিলা অঞ্জলী দাসে স্বাস্হ্য আৰু প্ৰকৃতি সম্পৰ্কে ভাষণ দিয়ে৷ চিত্ৰ অংকনৰ অনুষ্ঠানত তিনিজন চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত হীৰকজ্যোতি মালীৰ ৰচনা আৰু পৰিচালনাৰে ’দীপৰ বিলে ৰিঙিয়াই’ আৰু মৃনাংক ডেকাৰ পৰিচালনাৰে ’চেভ দীপৰ বিল’ নামেৰে মুকাভিনয়েৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত উপস্থিত সকলোৱে হাতে হাতে প্লে কাৰ্ড , বেনাৰ লৈ “দীপৰ বিল ৰক্ষা কৰো আহক” মানৱ শৃংখল কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা