আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা,ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম ,গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে। আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ সমীপত আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা আৰু তাৰো আগৰে পৰা পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত দীপৰ বিলৰ পানী ভয়াবহভাবে প্ৰদূষিত হৈ পৰিছে ।এনে ধৰণৰ পৰিবেশ ধ্বংসকাৰী কার্য বন্ধ কৰি বিলখনক উপযুক্তভাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়চোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। কিন্তু গুৱাহাটী পৌৰ নিগম ,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ),গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাবে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিবেশ কর্মী ক্ৰমে – দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো – পালক প্ৰমোদ কলিতা,কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে।সেই আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ ( গোচৰ নম্বৰ : পি আই এল / ১৮ /২০২৩ ) ভিত্তিত ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম,জি এম ডি এ ,ভাৰত চৰকাৰৰ বন ,পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় , অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক চাৰি সপ্তাহ বা অহা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে। আনহাতে আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে ।অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাছত সেই বিভাগ বা কৰ্তৃপক্ষ সমূহে কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ’ব।
Trending
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন
- ধেমাজিৰ পানবাৰীত আহত সকলৰ ওচৰত উপস্থিত মন্ত্রী সঞ্জয় কিষাণ
- NRL celebrates World Environment Day 2023 at Bogidhala VGR, Sumoni
- মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী
- বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
- লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান