দুটা উৎসৱৰ পম খেদি

0 268

WhatsApp Image 2018-02-09 at 6.05.46 PM

সাহিত্যই মানৱীয়তা বিস্তাৰ কৰে। সাহিত্যৰ দ্বাৰা মনৰ সংস্কাৰ সাধন হয়। যি সাহিত্যই সমাজক ইতিবাচক দিশে ধাৱমান কৰিব নোৱাৰে সেয়া প্ৰকৃততে সাহিত্য নহয়। এই মন্তব্য নেচনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ বলদেও ভাই শৰ্মাৰ। আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয়। দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা সাহিত্য উৎসৱত বহুতো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে।

WhatsApp Image 2018-02-09 at 6.08.05 PM

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ কেৱল সাহিত্য উৎসৱই নহয় সমন্বয় আৰু সাহিত্য কৃষ্টি বিনিময়ৰ এক মাধ্যম। ইয়াৰ জৰিয়তে নপ্ৰজন্মৰ মাজত ন সাহিত্য সৃষ্টিৰ বাবে পথ সুগম হ’ব বুলি আশা কৰিব পাৰি। স্মৰ্তব্য যে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত গ্ৰন্থ প্ৰকাশক, গ্ৰন্থ প্ৰেমীৰ লগতে বহুতো খ্যাতনামা সাহিত্যিকে অংশ গ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত ফ্ৰান্সৰ লেখক ডেভিড কলিন, পণ্ডিত ইন্দ্ৰনাথ চৌধুৰী, অতিৰিক্ত মূখ্য সচিব ভি বি পিৰেলাল, বিশিষ্ট লেখিকা ৰীতা চৌধুৰী, অসম প্ৰকাশন পৰিষদ সচিব প্ৰমোদ কলিতা উপস্থিত থাকে।

WhatsApp Image 2018-02-09 at 6.32.12 PM

শুক্ৰ বাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হল দ্বীপৰ বিল মহোৎসৱ। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই দ্বীপৰ বিল মহোৎসৱ মুকলি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত‌ই। ঐতিহাসিক দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব। দীপৰ বিলৰ পৰিৱেশ ৰক্ষা কৰা, সচেতনতা বৃদ্ধি আৰু ইয়াক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়া এই উৎসৱৰ লক্ষ্য।

WhatsApp Image 2018-02-09 at 6.32.24 PMএই মহোৎসৱে পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমিত কোনো ধৰণৰ শব্দ প্ৰদূষনে যাতে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ নজৰ ৰাখিছে উদযাপন সমিতিয়ে। এই উৎসৱত বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ, বস্ত্ৰমেলাৰ সমাহাৰ ঘটিছে। এই উৎসৱত বনমন্ত্ৰী উপস্থিত থাকি “দীপৰ প্ৰভা” নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। আজিৰ মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.