দুটা ভাল খবৰ

0 254

লকডাউনৰ ফলত আটাইতকৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে প্ৰব্ৰজিত শ্ৰমিক সকল। এই ছবি আমি সকলোৱে দেখিবলৈ পাইছো। কোনোৱে যদি চাইকেলেৰে,কোনোৱে খোজেৰে ঘৰলৈ বুলি বাট বুলিছে।
 
 
এই প্ৰব্ৰজিত শ্ৰমিক সকললৈ সকাহ যোগাইছে সৰ্বোচ্চ ন্যায়ালয়ে।সৰ্বোচ্চ ন্যায়লয়ে কৰা ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ অনুসৰি  বিনামুলীয়াকৈ শ্ৰমিকসকলে যাতায়াত কৰাৰ সুবিধা পাব।লগতে খোৱা আৰু বিশুদ্ধ খোৱাপানীৰ এই সম্পূৰ্ণ খৰছ বহন কৰিব ৰাজ্য চৰকাৰে।উল্লেখযোগ্য যে পৰিবহনৰ এই খৰছ বাছ আৰু ৰেল যাত্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
 
 
 
আনহাতে জুন মাহৰ প্ৰথম সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব । ইফালে জুন মাহৰ মাজভাগৰ পৰা শিক্ষা বৰ্ষৰ আৰম্ভ হোৱা কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে। আজি তেজপুৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.