দুটা ভাল খবৰ

0 248

IMG-20180210-WA0024

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈ়ছে উদ্ভাৱন উৎসৱ। অসম তথা উত্তৰপূবৰ ২৫গৰাকী উদ্ভাৱনকাৰীয়ে এই উদ্ভাৱন উৎসৱত অংশগ্ৰহণ কৰি তেওঁলোকৰ উদ্ভাৱনমূলক সামগ্ৰী সমূহ প্ৰদৰ্শন কৰিছে। এই সম্পৰ্কে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বাসুদেৱ মণ্ডলে জানিব দিয়ে যে উদ্ভাৱন উৎসৱৰ দ্বাৰা যাতে উদ্ভাৱনৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু ন প্ৰজন্মই সকলো শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ প্ৰদৰ্শনীমূলক উৎসৱ আয়োজন কৰা হৈছে। জানিব পৰা মতে এই উৎসৱ কালিলৈ অন্ত পৰিব।

IMG-20180210-WA0023

আনহাতে প্ৰখ্যাত বিলাসী গাড়়ী নিৰ্মাতা প্ৰতিষ্ঠান অ’ডিয়ে আজি গুৱাহাটীত অ’ডি কিউ৫ গাড়ী মুকলি কৰে। নতুন অ’ডি কিউ৫ গাড়ীখনৰ মূল্য ৫৩,২৫,০০০ টকা। ৭ মিনিট ৯ ছেকেণ্ডত১০০ কি,মিটাৰ অতিক্ৰম কৰিব পৰা গাড়ীখন ভ্ৰমণৰ বাবে অনুকুল।

IMG-20180210-WA0020

এই সম্পৰ্কত গুৱাহাটী অ’ডি ডিলাৰৰ মুখ্য সঞ্চালক পুলক গোস্বামীয়ে এক সংবাদ মেলৰ যোগে মন্তব্য কৰে যে অ’ডি কিউ৫ য়ে সমগ্ৰ বিশ্বতে নেতত্ব বহন কৰিছে আৰু নতুন অ’ডি কিউ৫ এই ক্ষেত্ৰত অধিক আকৰ্ষণীয় হৈ উঠিছে। সেয়ে মই নিশ্চিত যে ই অ’ডি পৰিয়াললৈ নতুন সদস্য অন্তৰ্ভূক্ত কৰাত সমৰ্থ হব।

Leave A Reply

Your email address will not be published.