মহানগৰীৰ চান্দমাৰীস্থিত তুষ্টি নিলয় ভৱনত “ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ সৌজন্যত “তক্ষশীলা, অসম”ৰ সহযোগত ৩০ নৱেম্বৰ আৰু ১ডিচেম্বৰত দুদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত হ’বলগীয়া অভিৱৰ্তনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য এখনি গুৰুত্বপূৰ্ণ সভা বিশিষ্ট অভিনেতা ৰবীন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ সাধাৰণ সম্পাদিকা নাট্যাচার্য পখিলা কলিতাই। সভাত সাংবাদিক-লেখক দীপক শৰ্মা, কুমুদ চন্দ্র ডেকা, ড০ অৰুণিমা বৰুৱা, ঘুনুচা গগৈ বৰুৱা, অনিল ডেকা, লক্ষ্মী বৰা, ড০ ডালিমী কোঁৱৰ, বীণা বৰ্মন, সোমেশ্বৰ দাস, প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি দেশৰ ভিন ভিন প্ৰান্তত অনুষ্ঠিত হোৱাৰ ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ গুৱাহাটী অভিবৰ্তন অতি উন্নত মানৰ হ’ব লাগিব। এই ক্ষেত্রত ৰাজ্য চৰকাৰ, ৰাজ্যৰ সাংস্কৃতিক মন্ত্রীৰ লগতে সংস্কৃতিপ্ৰেমী ৰাইজে যথাসম্ভব সহযোগিতা আগবঢ়াব বুলি আশা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিশিষ্ট শিল্পী-কলাকুশলীয়ে অংশগ্রহণ কৰিবলগীয়া এই অভিবৰ্তন সফল কৰি তুলিবলৈ ৰবীন ডেকাক সভাপতি, গীতা দেৱী গগৈক কাৰ্যকৰী সভাপতি, ড০ অৰুণিমা বৰুৱা, ড০ ডালিমী কোঁৱৰ, আল্পনা চৌধুৰীক উপ-সভাপতি, ৰীণা দাসক সম্পাদক, ঘুনুচা গগৈ বৰুৱা, অনিল ডেকা, মৃণাল দাসক সহ: সম্পাদক, কুমুদ চন্দ্র ডেকাক প্ৰচাৰ সম্পাদক, দীপ্তি মজুমদাৰ, লখিমী দাসক বৃত্ত সম্পাদক, কস্ত্তৰী কাশ্যপ, ৰাকেশ শৰ্মাক সাংস্কৃতিক সম্পাদক, লক্ষ্মী বৰা, মলয়া দাস, বীণা বৰ্মনক খাদ্য সম্পাদক হিচাবে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে