দেশৰ ৮নং স্থানত গুৱাহাটী আইআইটি

0 196

ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডৰ বাবে এয়া এক সুখবৰ৷ উচ্চ শিক্ষা প্রদান কৰা দেশৰ শীর্ষ ১০০ শিক্ষানুষ্ঠানৰ ভিতৰত অসমৰ ৪ শিক্ষানুষ্ঠান উজলিবলৈ সক্ষম হৈছে৷ সামগ্রিকভাৱে শিক্ষানুষ্ঠানসমূহৰ ভিতৰত দেশৰ ৮ নম্বৰ স্থানত আছে গুৱাহাটী আই আই টি৷ ৬৭নং স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ৭৩সংখ্যক স্থান লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে আৰু তালিকাৰ ৯৩নং স্থানত আছে শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনল’জী৷
কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱর্কৰ অধীনত আজি জাৰি কৰা ‘ইণ্ডিয়া ৰেংকিংছ ২০২১’–এ ৰাজ্যৰ বাবে এই সুখবৰ কঢ়িয়াই আনিছে৷আনহাতে, দেশৰ শীর্ষ ১০০খন বিশ্ববিদ্যালয়ৰ ভিতৰতো অসমৰ ৩খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দেশৰ ১০০খন শীর্ষ বিশ্ববিদ্যালয়ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয় ৪৫নং স্থানত, তেজপুৰ বিশ্ববিদ্যালয় ৪৬নং স্থানত আৰু ৯৩সংখ্যক স্থানত শিলচৰৰ আছাম বিশ্ববিদ্যালয় আছে৷ অনুৰূপভাৱে দেশৰ শীর্ষ ১০০খন অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভিতৰতো অসমৰ ৩খন মহাবিদ্যালয়ে স্থান অর্জন কৰিবলৈ সক্ষম হৈছে৷ এই অভিযান্ত্রিক মহাবিদ্যালয়সমূহ হৈছে ৭নং স্থানত থকা গুৱাহাটী আই আই টি, ৪৮নং স্থানত থকা শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনল’জী আৰু ৭৩সংখ্যক সংখ্যক স্থানত থকা গুৱাহাটীৰ নেচনেল ইনষ্টিটিউট অৱ ইনফৰমেচন টেকনল’জী৷
আনহাতে, ফার্মাচীৰ পাঠদান কৰা দেশৰ শীর্ষ ৭৫খন শিক্ষানুষ্ঠানৰ ভিতৰতো অসমৰ দুই শিক্ষানুষ্ঠান উজলিবলৈ সক্ষম হৈছে৷ এই দুই শিক্ষানুষ্ঠান হৈছে নেচনেল ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল এডুকেচন এণ্ড ৰিছার্চ (১৯) আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ফার্মাচী বিভাগ (৩৮)৷ লক্ষণীয়ভাৱে আইনৰ পাঠদান কৰা দেশৰ ৩০খন শীর্ষ শিক্ষানুষ্ঠানৰ ভিতৰত কামৰূপৰ নেচনেল ল’ ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমীয়ে ২০নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷আনহাতে, দেশৰ শীর্ষ ৩০খন গৱেষণামূলক শিক্ষানুষ্ঠানৰ ভিতৰত গুৱাহাটী আই আই টিয়ে ৯নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ পিছে দেশৰ শীর্ষ চিকিৎসা মহাবিদ্যালয়, সাধাৰণ মহাবিদ্যালয়, মেনেজমেণ্ট, স্থাপত্যবিদ্যাৰ পাঠদান কৰা, দন্ত চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত অসমৰ কোনো শিক্ষানুষ্ঠানেই স্থান লাভ নকৰিলে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱর্কৰ অধীনত আজি জাৰি কৰা ইণ্ডিয়া ৰেংকিংছ–২০২১ৰ তালিকাত৷উল্লেখ্য যে সামগ্রিকভাৱে চেন্নাই আই আই টিয়ে দেশৰ সর্বশ্রেষ্ঠ শিক্ষানুষ্ঠানৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷

Leave A Reply

Your email address will not be published.