পোষণ মাহৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠান অনুষ্ঠিত

0 178

আজি কামৰূপ মহানগৰ জিলা সমাজ কল্যাণ বিভাগ আৰু সংহত শিশু উন্নয়ন প্ৰকল্পদ্বয় দিছপুৰ আৰু গুৱাহাটী নগৰীয়াৰ উদ্যোগত অৰুন্ধতী প্ৰগতি সংঘ ,গণেশ নগৰ ,বশিষ্ঠ, গুৱাহাটীৰ বাকৰিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে পুষ্টি সমৃদ্ধ খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
কামৰূপ মহনগৰ জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰাৰ আদৰণি ভাষনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি,জিলা পৰিষদৰ অধ্যক্ষা শিৰোমণি কোঁৱৰ,কামৰূপ মাণ্ডলিক কাৰ্যক্ৰম বিষয়া জ্যোতিৰেখা বৰগোঁহাই, অৰুন্ধতি প্ৰগতি সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ৰয়,গুৱাহাটীৰ নগৰীয়ৰ সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়া মঞ্জুৰি ডেকা,গৱেষক বিকাশ বৰুৱা।সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলৰ লগতে অংগনবাডী কৰ্মী,সহায়িকা,মুখ্য সেৱিকা,অংগনবাডী কেন্দ্ৰৰ কণ কণ ল’ৰা ছোৱালী ,কিশোৰ কিশোৰী মাজত যোগাসনৰ বিভিন্ন আসনৰ অভ্যাস কৰোৱায়।ইয়াৰ পিছত অংগনবাডী কৰ্মীসকলৰ দ্বাৰা প্ৰদৰ্শিত পুষ্টিকৰ খাদ্যসম্ভাৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয়।লগতে গৰ্ভৱতী আৰু প্ৰসূতিয়ে ল’ব লগীয়া পুষ্টিকৰ আহাৰৰ সম্বন্ধে এক প্ৰচাৰ পত্ৰিকাৰো উন্মোচন কৰা হয়।ইয়াৰ পিছতে অংগনবাডী কৰ্মীসকলৰ মাজত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

Leave A Reply

Your email address will not be published.