দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডক লৈ চুটি ছবি নিৰ্মাণ কৰি চৰ্চালৈ আহিছে এজন বিশেষভাৱে সক্ষম যুৱক -ছবি প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে ফ্ৰান্সৰ পেৰিচলৈ

0 245

দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ কথা কোনে পাহৰিব পাৰিছে ৷ কিন্তু সেই অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা এখন চুটি ছবি নিৰ্মাতা এজন বিশেষভাৱে সক্ষম যুৱক এতিয়া চৰ্চালৈ আহিছে ৷ তেওঁ নিৰ্মাণ কৰা ছবিখন প্ৰদৰ্শন হ’ব সুদুৰ ফ্ৰান্সৰ পেৰিচত ৷ বিশেষভাৱে সক্ষম এই যুৱকজনৰ নাম বোকাখাতৰ ভাস্কৰজ্যেতি ৰাজখোৱা ৷ অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা অসমীয়া যুৱকৰ দ্বাৰা নিৰ্মিত চুটি ছবিখনৰ নাম MMS ৷ দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ লগতে বহু হৃদয়স্পৰ্শী বাস্তৱ কাহিনীৰ ওপৰত চুটি ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বোকাখাতৰ ভাস্কৰজ্যোতি ৰাজখোৱাই নিৰ্মাণ কৰা আন এখন চুটি ছবি MMS ইতিমধ্যে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’বলগীয়া Film Award ৰ বাবে মনোনীত হৈছে ৷ চলিত বৰ্ষৰ ৩০ জুনৰ পৰা ৩ জুলাইলৈ ফ্ৰান্সৰ পেৰিচৰ Reims চহৰত অনুষ্ঠিত হ’বলগীয়া ছবি প্ৰদৰ্শনীৰ লগতে এৱাৰ্ড অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে বোকাখাতৰ উদীয়মান যুৱক তথা ছবিখনৰ নিৰ্মাতা ভাস্কৰজ্যোতি ৰাজখোৱাই ৷ চলিত বৰ্ষৰ ২৬ জুনত পেৰিচলৈ ৰাওনা হ’ব লগা ভাস্কৰজ্যোতি ৰাজখোৱা ৬ জুলাইত পেৰিচৰ পৰা উভতি আহিব ৷ উল্লেখ্য যে, বোকাখাত পৌৰসভাৰ ম’হমাইকী গাঁৱৰ ৮নং ৱাৰ্ডৰ বাসিন্দা ভূৱন ৰাজখোৱা আৰু বিনা নাথ ৰাজখোৱাৰ দ্বিতীয় সন্তান ভাস্কৰে জন্মৰ পিছৰে পৰাই শ্ৰৱণশক্তি হেৰুৱাই পেলাইছিল । লগতে অস্পষ্ট হৈ পৰিছিল যুৱকজনৰ বাক্ শক্তিও । ১২ বছৰ বয়সৰ পৰাই গুৱাহাটীত অধ্যয়নৰত ভাস্কৰজ্যোতি ৰাজখোৱা বৰ্তমান গুৱাহাটীস্থিত নৰ্থ-ইষ্ট ডিগ্ৰী কলেজ ফ’ৰ হেয়াৰিং ইম্পাইৰেডৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ । ভাস্কৰজ্যোতি ৰাজখোৱাই ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা কেইবাখনো চুটি ছবিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে । উদীয়মান যুৱকজনৰ এই সাফল্যত গৌৰৱবোধ কৰিছে পিতৃ-মাতৃৰ লগতে বোকাখাতবাসীয়ে ।

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.