শণিবাৰে মহানগৰীৰ গাড়ীগাঁও শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় ‘মিষ্টাৰ কামৰূপ’ শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতা। পোনপ্ৰথমবাৰৰ বাবে গাড়ীগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতি প্ৰাপ্ত এই ‘মিষ্টাৰ/মিছ কামৰূপ’ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ‘মি. অসম’ দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুবিধা লাভ কৰিব। তাৰোপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰো সুযোগ পাব প্ৰতিযোগীসকলে। বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে গাড়ীগাঁও ফিটনেছ কমিটিয়ে আয়োজন কৰিছে এই দেহশ্ৰী প্ৰতিযোগিতাৰ। উল্লেখযোগ্য যে অন্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনাই আয়োজক কমিটিয়ে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ