থাইলেণ্ডৰ ৰাজধানী বেংককত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুস্থিত হৈ যোৱা “দ্বিতীয় জু-জিৎছু যুৱ এছিয়ান চেম্পিয়নশ্বিপ – ২০২৫ ত ১৮ বছৰ অনুৰ্ধ্বৰ ৫২ কেজিৰ ছোৱালী শাখাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰজ্ঞা খনিকৰে তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ জু – জিৎসু সন্থাৰ প্ৰশিক্ষাৰ্থী মিতালী খনিকৰৰ কন্যা প্ৰজ্ঞা খনিকৰৰ ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰে সফলতা অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাত অসম জু-জিৎছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, উপ সভাপতি অমল ডেকা আৰু সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাওকে প্ৰমুখ্যে কৰি সমূহ কাৰ্যবাহী সদস্য ,প্ৰশিক্ষক সকলোৱে উৎফুল্লিত উদীয়মান খেলুৱৈ গৰাকীক বিজয়ী আন্তৰিক অভিনন্দনসহ শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁৰ এই সফলতাই অসমৰ সমৰকলাৰ ক্ৰীড়াক্ষেত্ৰখনৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও নৱ প্ৰজন্মৰ উদীয়মান জু-জিৎছুৰ খেলুৱৈ সকলক এই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা