দৰং জিলা সাহিত্য সভাই ২২আগষ্ট দেওবাৰে দিনৰ এক বজাৰ পৰা জিলা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত নবীন লেখক সৃষ্টিৰ পৰিকল্পনাৰে হাতত লোৱা বৰ্ষসূচীৰ কাৰ্যসূচী হিচাপে এখনি গল্প কৰ্মশালাৰ আয়োজন কৰিছে। নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক গল্পৰ লিখনশৈলী, কাহিনী নিৰ্বাচন আদি সম্পৰ্কত বক্তৃতা আৰু গল্প পাঠৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ন কৰা হব।জিলা সাহিত্য সভাৰ এই কৰ্মশালাত অসম সাহিত্য সভাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, আৰোহণ সাহিত্য ৰত্ন বঁটাৰে বিভূষিত বিশিষ্ট গল্পকাৰ অৱসৰী অধ্যক্ষ গজেন ডেকাই বক্তব্য প্ৰদান কৰিব। অনুষ্ঠানত দৰঙৰ বিশিষ্ট গল্পকাৰ ৬ গৰাকীৰ ৬ টা গল্প পাঠ কৰা হব । দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে সঞ্চালনা কৰিবলগীয়া এই কৰ্মশালাত ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব। কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিয়ে ৯৪৩৫০৮৭৮৪৬ নম্বৰত শাখা সভাসমূহৰ জৰিয়তে যোগাযোগ কৰিবলৈ জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আহ্বান জনাইছে।
Trending
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন
- ধেমাজিৰ পানবাৰীত আহত সকলৰ ওচৰত উপস্থিত মন্ত্রী সঞ্জয় কিষাণ
- NRL celebrates World Environment Day 2023 at Bogidhala VGR, Sumoni
- মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী
- বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
- লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান