দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল লোক্ৰাৰ নৱজিৎ বৰ্মন

0 176

কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোণিতপুৰ লোক্ৰাৰ নৱজিৎ বৰ্মনে দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে প্ৰথম বিভাগত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । লোক্ৰাৰ এটা বেকাৰীত কৰ্মচাৰী হিচাপে অতিশয় কষ্টৰে পৰিয়াল পোহপাল দিয়া বৈকুন্ঠ বৰ্মন আৰু আৰতি বৰ্মনৰ পুত্ৰ নৱজিৎ বৰ্মনে চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮৫ শতাংশ নম্বৰ লাভ কৰিছে।সৰুৰেপৰা লোক্ৰাৰ এটা ভাড়াঘৰত পিতৃ-মাতৃৰ সৈতে থাকি ভাড়াঘৰৰ এটা কোঠাতেই পঢ়া-শুনা কৰি এই সুখ্যাতি অৰ্জন কৰাত বিদ্যালয়খনৰ শিক্ষক, অঞ্চলবাসী, পিতৃ-মাতৃ সকলোৰে মাজত উল্লাস পৰিলক্ষিত হৈছে ।ছাত্ৰজনৰ আৰ্থিক দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰজনক অনাগত দিনত অধ্যয়ন কৰাৰ ক্ষেত্ৰত ৰাইজ ,সংগঠনৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে।

বাতৰি যুগুতালে প্ৰাঞ্জল প্ৰতিম বৰাই।

Leave A Reply

Your email address will not be published.