মহানগৰীৰ ধাৰাপুৰ জঙ্গৰাবৰীস্থিত শ্ৰী শ্ৰী শ্যামৰায় নামঘৰৰ বাৰ্ষিক হোমাহুতি ১১ আগষ্টত এক ধর্মীয় পৰম্পৰাৰে অনুষ্ঠিত হয় । বাৰ্ষিক হোমাহুতিৰ লগত সংগতি ৰাখি শ্যামৰায় নামঘৰ পৰিচালনা সমিতিয়ে বিগত ২০১৮-২০২০ বৰ্ষৰ বিধায়ক পুঁজিৰ পৰা পোৱা অনুদান আৰু অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে পোৱা অনুদানেৰে নামঘৰৰ প্ৰথম মহলাৰ প্ৰেক্ষাগৃহটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক পুঁজিৰ তিনি লাখ টকাৰ অনুদান আৰু অসম দৰ্শন আঁচনিৰ আঢ়ৈ লাখ টকাৰে নিৰ্মিত প্ৰেক্ষাগৃহটো ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰাৰ লগে লগে স্থানীয় ৰাইজৰ এক বহুদিনীয়া অভাৱ পূৰণ হ’ল। জংগৰাবৰী অঞ্চলৰ একমাত্ৰ আধ্যত্মিক অনুষ্ঠান শ্যামৰায় নামঘৰটো অতি আকৰ্ষণীয়কৈ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিধায়ক কলিতাই নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেখেতে অনাগত দিনটো বিভিন্ন আঁচনিৰ জৰিয়তে তথা চৰকাৰী অনুদান আগবঢ়াই সহায় সহযোগিতা আগবঢ়াই যাব বুলি ভাষণ প্ৰসংগত সদৰী কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অৰুণ দাস , সম্পাদক প্ৰণৱ দাস, সমাজকৰ্মী পৰেশ বৰুৱা ,ৰুবুল বৈশ্য প্ৰমুখ্যে জঙ্গৰাবৰী ৰাইজৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে