নতুন দিল্লীৰ টেলেণ্ট চাৰ্চ অৰ্গেনাইজেচনৰ উদ্যোগত তথা ইন্টাৰনেছনেল টেলেণ্ট চাৰ্চ ফেডাৰেচনৰ সহযোগত দিল্লীৰ পিটামপুৰাত অনুষ্ঠিত সপ্তম সংখ্যক নেচনেল ইয়ুথ গেমছ ২০২১ৰ টাইকোৱানডো প্ৰতিযোগিতাত গুৱাহাটীৰ ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে কেবাটাও খিতাপ আজুৰি আনি অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দিল্লীৰ পিটামপুৰাত যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত টাইকোৱানডো প্ৰতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাসৰ নেতৃত্বত যোগদান কৰি ক্ৰমে কৌস্তভ প্ৰতিম ঠাকুৰীয়া , মধুস্মিতা কলিতা , মানৱ মণ্ডল আৰু প্ৰিয়ম জ্যোতি কলিতাই স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে বিতুপন বড়ো আৰু ৰিংকু বৰুৱাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ ছয়জনীয়া দলটো বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে বৃহত্তৰ ধাৰাপুৰ-খানামুখ আৰু মাজিৰগাঁও অঞ্চলৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে উষ্ম আদৰণি জনোৱাৰ লগতে এক শোভাযাত্রাৰে দলটোক ধাৰাপুৰলৈ আদৰি আনে । ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ সভাপতি অধিবক্তা জগদীশ ঠাকুৰীয়াই খিতাপ আজুৰি আনিবলৈ সক্ষম হোৱা দলটোৰ লগতে প্ৰশিক্ষক সঞ্জয় দাসক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সমূহ ৰাইজক কৃতজ্ঞতা জনায় ।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth