ধৰ্ষণ প্ৰতিৰোধী হেণ্ড গ্ল’ভছ উদ্ভাৱন -অসমীয়া উদ্ভাৱকৰ সাফল্য

0 326

সৰুৰে পৰা কিছু ব্যতিক্রম ধৰণৰ কাম কৰি ভাল পোৱা এজন ল’ৰা।ল’ৰাজনে সৰু থাকোতে পুতলাৰ সৈতে নেখেলিছিল।বৰঞ্চ খেলিছিল বিভিন্ন সা সামগ্রীৰ সৈতে।এক কথাত ক’বলৈ গ’লে পুৰণা সা সামগ্রীৰ মেচিন খুলি খালি নকৈ প্ৰস্তুত কৰাত তেওঁৰ বিশেষ ৰাপ আছিল।এই ল’ৰাজন কোন জানেনে!এই বিশেষ ল’ৰাজন হ’ল ধেমাজিৰ বৰদলনিৰ নৱজিত ভৰালী।
নৱজিত ভৰালীৰ বিষয়ে আজি এন ই ফ’কাচত কিয় প্ৰকাশ হ’ল!
 
যিসময়ত ধৰ্ষণৰ প্ৰসঙ্গই সমগ্র দেশজুৰি তোলপাৰ লগাইছে সেই সময়ত নৱজিত ভৰালীয়ে ধৰ্ষণকাৰীক প্ৰতিহত কৰিব পৰাকৈ হেণ্ডগ্ল’ভছ্ উদ্ভাৱন কৰিছে।এই হেণ্ড গ্ল’ভছযোৰত আছে জি পি আৰ এছ,কেমেৰা আৰু ইলেকট্রিক শ্বক দিব পৰা ক্ষমতা।
হেণ্ডগ্ল’ভছযোৰ কিদৰে কাৰ্যকৰী হয়?
এই সম্পর্কে নৱজিত ভৰালীয়ে কয় যে যেতিয়া কোনো অপৰাধীয়ে যুৱতী বা মহিলা গৰাকীক আক্ৰমণ কৰিবলৈ আহে গ্ল’ভছ যোৰৰ জৰিয়তে ইলেকট্রিক শ্বক দিব পৰা যায় ।এই গ্ল’ভছ্ পৰিধান কৰা যুৱতী বা মহিলা গৰাকীয়ে যদি নেটৱৰ্কৰ ঠাইৰপৰা আঁতৰত থাকে তেন্তে পৰৱৰ্তী সময়ত গ্ল’ভছৰ পৰা গৃহস্থলৈ ফোন আহি যাব।আনহাতে জি পি আৰ এছৰ দ্বাৰা মহিলা গৰাকীৰ অৱস্থিতি উমান পাব পাৰি।
প্ৰকৃততে নৱজিত ভৰালী কোন?
নৱজিত ভৰালী কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ।ইতিপূর্বে নৱজিত ভৰালীয়ে বৈদ্যুতিক যঁতৰ আৰু হুইল ছেয়াৰ উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিছে।
কিদৰে নৱজিত ভৰালীৰ মনত এনে চিন্তা আহিল!
অলপতে সংঘটিত হোৱা মহিলা চিকিৎসক গৰাকীৰ ধৰ্ষণ কাণ্ডই সমগ্র দেশ জোকাৰি গৈছিল।নৱজিত ভৰালীয়ে তেখেতৰ এগৰাকী বান্ধৱীৰ অনুপ্ৰেৰণাত এই গ্ল’ভছ উদ্ভাৱন কৰে।এই গ্ল’ভছ যোৰ উদ্ভাৱন কৰোতে ৫ হাজাৰ টকা খৰচ হৈছে আৰু প্ৰায় এমাহ সময় লাগিছে।কোনোৱে যদি গ্ল’ভছ যোৰ ক্ৰয় কৰিব বিচাৰে নৱজিত ভৰালীৰ লগত যোগাযোগ কৰিব পাৰে।হেণ্ড গ্ল’ভছ যোৰ বজাৰ মূল্য এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই যদিও কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰামৰ্শ মতেহে পৰৱৰ্তী সময়ত পদক্ষেপ গ্রহণ কৰিব।
ধেমাজিৰ পৰা বিজন শৰ্মাৰ সহযোগত নিউজ ডেক্স ৰিপ’ৰ্ট এন ই ফ’কাচ ডট কম..

Leave A Reply

Your email address will not be published.