নগাঁৱৰ শেনচোৱাত ৰেডিঅ’ কৃষক দিৱস উদযাপন

0 162

আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যত নগাঁৱৰ শেনচোৱাস্থিত ৰাজহুৱা ভৱন প্ৰাংগনত ১৫ ফেব্ৰুৱাৰী মংগলবাৰে ৰেডিঅ’ কৃষক দিৱস উদযাপন কৰে। নগাঁৱৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ পৰা অহা শতাধিক কৃষকৰ উপস্থিতিত কৃষক দিৱসৰ মুকলি সজাগতা মূলক সভাখন এটি বৰগীতেৰে শুভাৰম্ভ কৰে আৰু সভাখনি উদ্বোধন কৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতাই। স্থানীয় বিশিষ্ট ব্যক্তি হৰেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৃষক দিৱসটিত উপস্থিত কৃষক সকলৰ সমস্যা, বিভিন্ন উন্নতমানৰ কৃষি পদ্ধতি, বিভাগীয় সুবিধা ইত্যাদি বিষয়ৰ ওপৰত পৰামৰ্শ প্ৰদান কৰি বক্তব্য ৰাখে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুনিমা দেৱ চৌধুৰী, নগাঁৱৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰ, চিলঙনিৰ মূখ্য বিজ্ঞানী ড° পবিত্র কুমাৰ বৰদলৈ, ‍নগাঁও মহকুমা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকাই। আকাশবাণী নগাঁও কেন্দ্ৰৰ অভিযান্ত্রীক বিভাগৰ মূৰব্বী কান্তিলাল মীনা বিশেষ অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই আকাশবাণীৰ কৃষকবাণী অনুষ্ঠানৰ তত্বাবধায়ক গৌতম নাথে আৰু অনুষ্ঠানটি আঁতধৰে ইমৰান হুছেইন আৰু ইনুমনি মহন্তই। ৰেডিঅ’ কৃষক দিৱসৰ অংশগ্ৰহণকাৰী কৃষক সকলক এখনিকৈ প্ৰমাণ পত্রও আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

বাতৰি যুগুতালে  নগাঁৱৰপৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.