নতুন দিল্লীত অনুষ্ঠিত খেল মাষ্টাৰ্ছ গেম ২০২২ ত্ৰিপল জাম্প প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে তেজপুৰৰ মীনা বৰা বায়নে

0 173

নতুন দিল্লীত অনুষ্ঠিত হোৱা খেল মাষ্টাৰ্ছ গেমছ ২০২২ৰ ত্ৰিপল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থানেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী মীনা বৰা বায়ন নামৰ মহিলাগৰাকীয়ে। ৩০ এপ্ৰিলৰ পৰা ৩ মে’ লৈকে নতুন দিল্লীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে মীনা বৰা বায়নে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক, ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।এগৰাকী এথলীট হিচাপে পৰিচিত মীনা বৰা বায়ন তেজপুৰৰ নিয়োগ বিনিময় কেন্দ্ৰৰ কৰ্মচাৰী। এই প্ৰতিযোগিতাত তেজপুৰৰ পৰা অংশগ্ৰহণ কৰা মীনা বৰা বায়ন একমাত্ৰ মহিলা।মীনা বৰা বায়নৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ তেজপুৰবাসী।

Leave A Reply

Your email address will not be published.