নদুৱাৰৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত চাৰিখনকৈ উন্নয়নমূলক আচঁনি শুভ উদ্ধোধন

0 284

নদুৱাৰৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত আজি চাৰিখনকৈ উন্নয়নমূলক আচঁনিৰ শুভ উদ্ধোধন কৰা হয় ৷ পঞ্চায়তটোৰ অন্তৰ্গত বালিজুৰী, পাঁচমূখ, ৫ নং, ৪ নং জয়পুৰ, খ্ৰিষ্টানবস্তী মিলনপুৰ, খ্ৰিষ্টানবস্তী তিৰকীচুবুৰিৰ লগতে ১ নং, ২ নং, ৩ নং জয়পুৰ, আৰু, খ্ৰিষ্টানবস্তি বনগাঁৱত দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অধীনত চাৰিটা ট্ৰেঞ্চফৰ্মাৰ স্থাপন কৰা হয় ৷ বিগত ৪০ বছৰে বিদ্যুতৰ পোহৰ নেদেখা অতি পিছ পৰা উক্ত অঞ্চলসমুহত মঙ্গলবাৰে ৰঙা ফিটা কাটি বিদ্যুৎ সংযোগৰ শুভ উদ্বোধন কৰে উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে । ট্ৰেঞ্চফৰ্মাৰৰ শুভ উদ্বোধন কৰি সভাপতি দিপক নেৱাৰে কয়- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত আমি অঞ্চলটোত উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছো ৷ সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ ৰাইজ উপকৃত হব পৰাকৈ বিধায়ক গৰাকীয়ে যি কৰ্মসুচী যুগুত কৰিছে সেইলৈ আমি অতিশয় সুখী ৷ সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত চৰকাৰী আঁচনি সমুহ ৰূপায়নত আমি সফল হোৱা বুলিও মন্তৱ্য কৰে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে।

বাতৰি যুগুতালে পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.