নলবাৰী সমষ্টিৰ অন্তৰ্গত ৪২টা ভিন্ন উন্নয়নমূলক কামৰ পৰ্যবেক্ষণৰ বাবে কালি নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত গীতিমণি ফুকন তথা বিভিন্ন বিভাগৰ মুৰব্বী সকলক লৈ দিনজোৰা আলোচনাৰে সভা অনুষ্ঠিত কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, পৰ্যটন,নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।বিশেষকৈ অৰুনোদয় আঁচনি,আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কিষাণ নিধি,ই ডব্লিঅ এচ প্ৰমাণ পত্ৰ,নেফচা কাৰ্ড,মিছন বসুন্ধৰা মিছন বসুন্ধৰা,মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি,ৰেল’ৱে অ’ভাৰ ব্ৰীজ নিৰ্মাণ, সংহত জিলা সচিবালয় নিৰ্মাণ আদি প্ৰতিটো বিষয়ৰ বিতং আলোচনা কৰি মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰকল্পৰ আধৰুৱা কামসমূহ দ্ৰুত সম্পাদনাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকলক নিৰ্দেশ দিয়ে।ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাওঁত প্ৰায়ে ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা নলবাৰী মেডিকেল কলেজ হাস্পতালত নিশা প্ৰায় ৮ বজাত উপস্থিত হৈ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্টাকচন কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলা উপায়ুক্ত গীতিমণি ফুকন,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মনিষা কলিতা , জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ সহ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলৰ লগত আলোচনা কৰে।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত