নলবাৰী সমষ্টিৰ অন্তৰ্গত ৪২টা ভিন্ন উন্নয়নমূলক কামৰ পৰ্যবেক্ষণৰ বাবে কালি নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত গীতিমণি ফুকন তথা বিভিন্ন বিভাগৰ মুৰব্বী সকলক লৈ দিনজোৰা আলোচনাৰে সভা অনুষ্ঠিত কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, পৰ্যটন,নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।বিশেষকৈ অৰুনোদয় আঁচনি,আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কিষাণ নিধি,ই ডব্লিঅ এচ প্ৰমাণ পত্ৰ,নেফচা কাৰ্ড,মিছন বসুন্ধৰা মিছন বসুন্ধৰা,মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি,ৰেল’ৱে অ’ভাৰ ব্ৰীজ নিৰ্মাণ, সংহত জিলা সচিবালয় নিৰ্মাণ আদি প্ৰতিটো বিষয়ৰ বিতং আলোচনা কৰি মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰকল্পৰ আধৰুৱা কামসমূহ দ্ৰুত সম্পাদনাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকলক নিৰ্দেশ দিয়ে।ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাওঁত প্ৰায়ে ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা নলবাৰী মেডিকেল কলেজ হাস্পতালত নিশা প্ৰায় ৮ বজাত উপস্থিত হৈ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্টাকচন কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলা উপায়ুক্ত গীতিমণি ফুকন,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মনিষা কলিতা , জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ সহ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলৰ লগত আলোচনা কৰে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি