জামুগুৰিহাটৰ মিলনপুৰত আছাৰ উদ্যোগত কৰম উৎসৱ

0 160

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বালিজুৰিৰ পাচঁমুখৰ মিলনপুৰত শুক্ৰবাৰে নিশা অনুষ্ঠিত হয় কৰম উৎসৱ ৷ আদিবাসী ৰাইজৰ কৃষি ভিত্তিক এই কৰম উৎসৱত অঞ্চলটিৰ ভালেকেইটি ঝুমুৰ দলে অংশ গ্ৰহণ কৰে ৷ আদিবাসী সকলৰ পৰম্পৰাগত এই কৰম উৎসৱত অঞ্চলটিৰ সকলো শ্ৰেণী ৰাইজে সহযোগীতা আগবঢ়ায় ৷ আদিবাসী ৰাইজৰ এই কৃষি ভিত্তিক কৰম উৎসৱৰ জৰিয়তে অঞ্চলটিৰ সকলো শ্ৰেণী ৰাইজৰ মাজত সমন্বয়ৰ ভেটি অধিক কটকটীয়া হোৱা বুলি মন্তৱ্য কৰে উদ্যোক্তা সকলে ৷ উত্তৰ নদুৱাৰ আছাৰ উদ্যোগত আৰু মিলনপুৰ ৰাইজৰ সহযোগত অনুষ্ঠিত এই তৃতীয় বাৰ্ষিক কৰম উৎসৱত অংশ গ্ৰহন কৰা শোণিতপুৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক কৃষ্ণ নায়কৰ লগতে উত্তৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি চালিম তপ্নৰ লগতে আদিবাসী নেতৃত্বই তেওঁলোকৰ বহুকেইটা সমস্যা সমাধানৰ বাৱে চৰকাৰক ধন্যৱাদ জনোৱাও পৰিলক্ষিত হয় যদিও মিলনপুৰ খেলপথাৰত এটা ৰঙ্গমঞ্চৰ লগতে যাতায়তৰ সু-ব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনায় চতিয়া সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত কতৃপক্ষক।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.