নলবাৰী জিলাৰ কমাৰকুছি আৰু গঙ্গাপুখুৰীপাৰত পাগলাদিয়া নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ, কমাৰকুছিত মথাউৰি বহল কৰি খহনীয়া ৰোধৰ কাম খৰতকীয়াকৈ কৰাৰ নিৰ্দেশ

0 159

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নলবাৰী জিলা ভ্ৰমণ কৰি কমাৰকুছি অঞ্চলত পাগলাদিয়া নদীৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা মথাউৰি পৰিদৰ্শন কৰি মথাউৰি ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে কৰি থকা কামৰ বুজ লয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি কমাৰকুছিত উপস্থিত হৈ নদীৰ খহনীয়াৰোধৰ বাবে চলি থকা কামসমূহৰ বুজ লৈ বিভাগীয় অভিযন্তাক এই কামসমূহ খৰতকীয়াকৈ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে । স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কমাৰকুছি অঞ্চলত প্ৰায় ১৫০ মিটাৰ অংশ মথাউৰি বহল কৰা, নদীৰ ফালে খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা আৰু লগতে নদীৰ আনটো পাৰে বালি কাটি নদীৰ সোঁতৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়াস কৰিবলৈ তেওঁ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰিছে ।আগন্তুক চাৰি দিনৰ ভিতৰত অঞ্চলটোত এই কামসমূহ সমাপ্ত কৰিবলৈ বিভাগক নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অঞ্চলটোত মথাউৰি ৰক্ষা কৰাৰ বাবে সম্ভৱপৰ সকলো কাম কৰাৰ ব্যৱস্থা কৰা হৈছে | পাছত জলসপদ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বৰকুৰিহাৰ গঙ্গাপুখুৰীপাৰ অঞ্চলত উপস্থিত হৈ অঞ্চলটোত পাগলদিয়া নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় । ইতিমধ্যে বিভাগৰ ফালৰ পৰা খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় অস্থায়ী ব্যৱস্থা হাতত লৈ থকা হৈছে আৰু বাৰিষাৰ পাছতে নদীৰ সোঁত নিয়ন্ত্ৰণৰ বাবে চেনেল কাটিঙৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উপস্থিত স্থানীয় ৰাইজক জানিবলৈ দিয়ে । গঙ্গাপুখুৰীপাৰ অঞ্চলতে বৰকুৰিহা যুৱ সংঘ পুথিঘৰত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি মন্ত্ৰী হাজৰীকাই নলবাৰী জিলাখনক খহনীয়া আৰু বানমুক্ত কৰিবলৈ জলসম্পদ বিভাগে কৰি থকা কামসমূহৰ আভাস দিয়ে ।উল্লেখযোগ্য যে কেইদিনমানৰ আগতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাগলাদিয়া নদীৰ উজনীত জাৰতালুক নামৰ স্থানত উপস্থিত হৈ অঞ্চলটোৰ ওপৰৰ ফালে উন্মুক্ত হৈ থকা পাগলাদিয়া নদীৰ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । প্ৰায় চাৰি কিল’মিটাৰ দৈঘ্যৰ এই মথাউৰি নিৰ্মাণ হৈ উঠিলে নামনিৰ নলবাৰী জিলাত বানপানীৰ প্ৰকোপ হ্ৰাস হ’ব বুলি আশা কৰা হৈছে।

মাজতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে দ ৰাইটকুছি নামৰ স্থানত উপস্থিত হৈ বৰলীয়া নদীৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা বানৰ বুজ লয় ।উল্লেখ্য যে অঞ্চলটোত সথাচেনেলেৰে পানী বৈ আহি বৰলীয়া নদীত সংযোগ হয় । এই স্থানত এখন শ্লুইছগেট নিৰ্মাণ কৰিলে বৰলীয়া নদীৰ বানৰ পৰা বৃহত্তৰ অঞ্চল এটা ৰক্ষা হ’ব বুলি স্থানীয় ৰাইজৰ পৰা জানিব পাৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত বিভাগীয় অভিযন্তা আৰু বিষয়াক অহা দুবছৰৰ ভিতৰত এই স্থানত এখন শ্লুইছগেট নিৰ্মাণ কৰি কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰে | উল্লেখ্য যে সথাচেনেল আৰু বৰলীয়া নদীৰ সংযোগস্থলত এনেদৰে এখন শ্লুইছগেট নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ বৰভাগ অঞ্চলৰ ৰাইজে বানৰ পৰা সকাহ পাবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছেহৈছে।

Leave A Reply

Your email address will not be published.