নহিৰাত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

0 240

সমগ্ৰ ৰাজ্যত অভিৰুচি দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে পলাশবাৰীৰ নহিৰাত স্বেচ্চাসেৱী সংগঠন “মনযায়”ৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বামুনীগাঁৱৰ পৰা নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰলৈ ল’ৰাৰ মাৰাথান দৌৰ আৰু ৰামপুৰৰ পৰা ভাগৱতীপাৰা হৈ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰলৈ ছোৱালীৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনত দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা অহা খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে। উক্ত খেলত লৰাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে উজ্জল কলিতা, দ্বিতীয় স্থান অধিকাৰ কৰে শৈলেন দাস আৰু তৃতীয় স্থান অধিকাৰ কৰে জ্যোতিময় শৰ্মাই।
আনহাতে ছোৱালীৰ শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে কৃষ্ণা নাথ, বৰষা দাস আৰু কবিতা নাথে। যি সকল খেলুৱৈ উক্ত মাৰাথান সম্পূৰ্ণ কৰে তেওঁলোকক “মনযায়”ৰ তৰফৰ পৰা সকলোকে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.