ৰাজ্যৰ তৃতীয় তথা শেষ পৰ্যায়ত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ ১৯ মাৰ্চত সামৰণি পৰাৰ পাছত আন আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটীটো নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব খোজা প্ৰাৰ্থীসকলৰ লগতে দলীয় কর্মী-সমৰ্থক সকলে নিৰ্বাচনী প্ৰচাৰকাৰ্য আৰম্ভ কৰিছে। আজি সমষ্টিটোৰ মাজিৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ সৰু আগছিয়াত অঞ্চলটোৰ মহিলা আত্মসহায়ক গোট ক্ৰমে-ৰূপজ্যোতি, মহাত্মা, সাধনা, মিলনজ্যোতি, কনকলতা, মাতৃ মিলন আৰু হৰগৌৰীৰ সদস্যা সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ কলিতাৰ নিৰ্বাচনৰ বাবে ৰচনা কৰা গীতৰ তালে তালে নৃত্য – গীত তথা নাচ-গানেৰে ঘৰে ঘৰে নিৰ্বাচনী প্রচাৰ চলায় । প্ৰচাৰ কাৰ্যত অগপত মহিলা বিগ্ৰেড হিচাপে পৰিচিত পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ উপ সভানেত্ৰী অজন্তা শৰ্মা ডেকা , সাধাৰণ সম্পাদিকা গীতা মণ্ডল , কোষাধক্ষ্য ভাৰতী সিং কছাৰীকে ধৰি কেবাগৰাকী কৰ্মকর্তাই ভাগ লয়। এই সন্দৰ্ভত মহিলা আত্মসহায়ক গোট সমূহৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা ঠাণ্ডা ৰাজবংশীৰ উপৰি আন আন কর্মকর্তা সকলে সদৰি কৰা অনুসৰি এইবাৰো পশ্চিম গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিজয় এশ শতাংশ নিশ্চিত যদিও আমি তেওঁক হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোণোৱালৰ দৰে অভিলেখ পৰিমাণৰ ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে সংকল্প লৈছে । নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ শেষদিনালৈকে এই অভিযান চলি থাকিব আৰু কলিতা ডাঙৰীয়া আমাৰ ইয়ালৈ নাহিলেও তেওঁ বিগত সময়চোৱাত কৰা উন্নয়নমূলক কামৰ বাবে সকলোৰে অন্তৰত আছে বুলি গোটৰ কৰ্মকর্তা সকলে সদৰি কৰে ।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন