নাছাৰ আমন্ত্ৰণ লাভ কৰিছে অসমৰ তন্ময়ে

0 263

ভূমিকম্প অহাৰ ২৪ঘণ্টাৰ পূৰ্বে ভূমিকম্প অহাৰ আগজাননী দিয়া এটা প্ৰকল্প উদ্ভাৱন কৰি চৰ্চালৈ আহিছে লামডিং এজন যুৱক ।সম্প্ৰতি বিশাখাপট্ৰমত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত যুৱকজন বিশ্বৰ অন্যতম আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান আমেৰিকান চ’চাইটি ফৰ গ্ৰেভিটেছনেল এণ্ড স্পেচ ৰিচাৰ্ছ অধিবেশনলৈ আমন্ত্ৰণ লাভ কৰিছে।উল্লেখযোগ্য যে তন্ময় চক্ৰৱৰ্তী নামৰ এই যুৱকজনে অহা ২০ নৱেম্বৰত বিশেষ অধিবেশনখনত ১৫ মিনিটৰ বাবে প্ৰকল্প উপস্থাপন কৰিব।তন্ময়ৰ প্ৰকল্পই সঠিকতা লাভ কৰিলে হয়তো বিৰল উদ্ভাৱন বুলি বিবেচিত হ’ব।তন্ময় লামডিঙৰ হৰলঙপাৰৰ সুজিত চক্ৰৱৰ্তী আৰু টপা চক্ৰৱৰ্তীৰ পুত্ৰ।স্মতব্য যে তন্ময়ে ইতিপূৰ্বেও জলবায়ু সম্পৰ্কীয় বহুকেইটা প্ৰকল্প প্ৰস্তুত কৰিছিল।

Leave A Reply

Your email address will not be published.