নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীয়ে আজি প্ৰথমবাৰৰ বাবে ইয়াৰ পৰিব্যাপ্ত চিকিৎসা সেৱা সূচীত সংযোজন কৰিলে বৃক্ক সংৰোপন ব্যৱস্থা। নলবাৰী জিলাৰ ২৭ বছৰীয়া যুৱক গোপাল দাসৰ দেহত সফলতাৰে বৃক্ক সংৰোপন কৰি এই অনবদ্য সেৱাৰ শুভাৰম্ভ কৰে। আৰু আজি তাৰেই আনুষ্ঠানিক ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ অৰুণিমা মহন্তৰ নেতৃত্বত চিকিৎসকৰ এটা দলে সংশ্লিষ্ট যুৱকজনৰ দেহত বিকল হৈ পৰা বৃক্ক আঁতৰাই আন এটা বৃক্ক সংৰোপন কৰে। উল্লেখ্য যে পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে ৫৫ বছৰীয়া মাতৃয়ে নিজৰ দেহৰ এটা বৃক্ক পুত্ৰলৈ দান দিয়ে।উল্লেখ্য যে বিগত ২২ ছেপ্তেম্বৰ তাৰিখে চিকিৎসালয়তে সংশ্লিষ্ট ৰোগীগৰাকীৰ দেহত সফলতাৰে বৃক্ক সংৰোপন কৰা হয়। এই সন্দৰ্ভত চিকিৎসালয়খনৰ বিশেষজ্ঞ লেপাৰ’স্ক’পিক তথা ৰেনেল ট্ৰান্সপ্লাণ্ট ছাৰ্জন ডাঃ সৈকত মালিকে কয় যে অস্ত্ৰোপচাৰৰ পিছত অতি সুন্দৰভাৱে আৰোগ্য লাভ কৰিছে গোপাল দাসে আৰু অস্ত্ৰোপচাৰৰ মাত্ৰ ১০ দিনৰ ভিতৰতেই ৰোগীগৰাকীক চিকিৎসালৰ পৰা বিদায়ো দিয়া হৈছে। সম্প্ৰতি চিকিৎসকৰ সূক্ষ্ম নিৰীক্ষণত আছে ৰোগীগৰাকী। তেওঁ লগতে কয় যে ক্ৰ’নিক ৰেনেল বিকাৰৰ সমূখীন হোৱা ৰোগীয়ে পুনৰ এক স্বাভাৱিক জীৱন লাভ কৰিবৰ বাবে সংৰোপনেই শ্ৰেষ্ঠতম চিকিৎসা।ইফালে চিকিৎসালয়খনৰ বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ এছ ডব্লিউ হাছানে বৃক্ক প্ৰদান কৰা মাতৃগৰাকীৰো ক্ষীপ্ৰ উপশমক লৈ সন্তুষ্টি ব্যক্ত কৰে। আনফালে সমগ্ৰ সংৰোপন ব্যৱস্থাটোক নেতৃত্ব দিয়া ডাঃ অৰুণিমা মহন্তই লগতে কয় যে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ নেফ্ৰ’ল’জী বিভাগ এতিয়া সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তি আৰু সা-সৰঞ্জামেৰে সজ্জিত আৰু এতিয়া বিভিন্ন ধৰণৰ বৃক্ক সংক্ৰান্তীয় জটিলতা, বিকাৰ, ৰোগ আদিৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম। বৃক্ক সংৰোপনৰ পিছত হ’ব পৰা জটিলতাৰ চিকিৎসা, ২২ টাকৈ যন্ত্ৰেৰে হেমোডায়েলাইছিছ আৰু কিডনী বায়’পছীৰ সুবিধাও এতিয়া সম্ভৱ।আনহাতে আজি চিকিৎসালয় প্ৰাঙ্গনতে আয়োজিত এক সংবাদ মেল যোগে এই বৃক্ক সংৰোপন সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই। সংবাদমেলত উপস্থিত থাকি চিকিৎসালয়খনৰ জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট সমাজকৰ্মী শুভকৰণ বাফনাই এনে এক অতি প্ৰয়োজনীয় সেৱাৰ সংযোজনত সন্তুষ্টি প্ৰকাশ কৰে আৰু এই সেৱাই সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে ৰোগীসকলক যথেষ্ট উপকৃত কৰিব বুলি কয়।সংবাদমেলত উপস্থিত থাকি চিকিৎসালয়খনৰ ফেচিলিটি ডিৰেক্টৰ অজিত বেল্লামকোণ্ডাই কয় যে এতিয়াৰে পৰা ডাঃ সৈকত মালিকৰ নেতৃত্বত বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ এছ ডব্লিউ হাছান, বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ অৰুণিমা মহন্ত আৰু ডাঃ হামিদ হিলানীয়ে বৃক্ক সম্পৰ্কীয় চিকিৎসা আগবঢ়াই যাব।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান