নাৰ্জী ফুলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে দৰং জিলাৰ খাৰুপেটীয়াৰ এজন খেতিয়কে ৷ মাথো ৩০ হাজাৰ টকা খৰচ কৰি তিনি মাহত দুই বিঘা মাটিত নাৰ্জি, মালতী ফুলৰ খেতি কৰি এতিয়া লৈ দুই লাখ টকা উপাৰ্জন হৈছে। এই ক্ষেত্ৰত খাৰুপেটীয়াৰ বিহুদিয়া গাঁওৰ প্ৰগতিশীল খেতিয়ক হাবিবুৰ ৰহমানে জনায় যে বছৰ বছৰ ধৰি শাক পাচলিৰ খেতি কৰি কেতিয়াবা বেয়া বতৰ আৰু কেতিয়াবা উচিত মূল্য নোপোৱাৰ কাৰণে লাভবান হ’ব পৰা নাছিলো কিন্তু দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ পৰা অনুপ্ৰেৰণা লৈ দুই বিঘা মাটিত প্ৰথম বাৰৰ বাবে নাৰ্জী মালতী ফুলৰ খেতি কৰি লাভাম্বিত হৈছে। তিনি মাহত মাথো দুই বাৰ খেতিত পানী আৰু এবাৰ জৈৱিক সাৰ দিয়াৰ বাহিৰে কোনো ধৰণৰ ৰাসায়নিক সাৰ নিদিয়াকৈ কম খৰচত অধিক লাভাম্বিত হ’বলৈ সক্ষম হৈছে। বিহুদীয়া গাঁৱৰ যুৱ খেতিয়ক হবিবুৰ ৰহমানে জানিবলৈ দিয়া মতে দুই বিঘা মাটিৰ নাৰ্জী ফুলৰ খেতিত মাথো ৩০ হাজাৰ টকা খৰচ কৰি তিনি মাহত নাৰ্জী মালতী ফুল ফুলা আৰম্ভ হ’ল আৰু মাথো এমাহত গুৱাহাটীৰ পানবজাৰ , মঙ্গলদৈৰ লগতে ৰাজ্যখনৰ বহু কেইটা বিবাহ পেণ্ডেলৰ ডেকৰেচনত নাৰ্জী ফুল বিক্ৰী কৰি এতিয়া লৈ প্ৰায় দুই লাখ টকা উপাৰ্জন কৰে।উল্লেখযোগ্য যে এনেধৰণৰ ফুলৰ খেতি ব্যৱসায়িক ৰূপত খেতি দৰঙত প্ৰথম বাৰৰ বাবে হৈছে । ৰাজ্যখনৰ লগতে সমগ্র দেশতে নিৱনুৱা যুৱক যুৱতী সকলে চাকৰিৰ পিচে পিচে দৌৰি মুল্যৱান সময় নষ্ট নকৰি বিভিন্ন ধৰণৰ খেতিৰ জৰিয়তে দেশখনৰ উন্নয়নৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰি নিৱনুৱা সমস্যা সমাধান কৰিব পাৰে বুলি মন্তব্য কৰে খেতিয়ক হবিবুৰ ৰহমানে।খবৰ যুগুতালে খাৰুপেটিয়া পৰা আবুল হাছেমে..
Trending
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ