মহানগৰীৰ নুনমাটিৰ সমীপৰ শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফলতাৰে কালি সামৰণি পৰে । কালি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি “দৈনিক অসম”ৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই কয়- অসমীয়া জাতি অতি সংস্কৃতিবান জাতি। অসমীয়া মানুহে শদিয়াৰ পৰা ধুবুৰীলৈ একেখন আকাশৰ তলতে ভিন ভিন জাতি জনগোষ্ঠীৰ লোকসকলে অনাদি কালৰে পৰা বসতি কৰি আহিছে। ঋতু অনুযায়ী নিৰ্দিষ্ট দিনত উলহ মালহেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। বড়ো, মিছিং, দেউৰী, ৰাভা, সোণোৱাল-কছাৰী, তিৱা আদি জনগোষ্ঠীয়ে একেটা ঋতুতে ভাষাৰ ভিন্নতা থাকিলেও উদ্যমেৰে বিহু উদযাপন কৰে। সাহিত্যিক পেঞ্চনাৰ, গল্পকাৰ “সাহিত্য কোঁৱৰ” কমল কলিতাই সঞ্চালনা কৰা উদ্ধোধনী অনুষ্ঠানত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মা, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়, বিশিষ্ট সমাজসেৱক তনুৰাম ডেকা, লেখিকা পুতুলী ঠাকুৰীয়া মেধি, বিশিষ্ট শিল্পী নগেন বৈশ্য, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰী, দিবাকৰ নাথে ক্ৰমে মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লৈ বিহুৰ নান্দনিক দিশৰ ওপৰত আলোকপাত কৰে। শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সাহিত্যিক পেন্সনাৰ, কমল কলিতাই । সাংস্কৃতিক শোভাযাত্ৰা, শ্বহীদ তৰ্পণ, খেল-ধেমালি আৰু আধুনিক নৃত্য প্ৰতিযোগিতা, অসমীয়া সাজপাৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় । আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰায় ১০১ গৰাকী প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হয়। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান নিশা ৯ বজাত শেষ কৰিব লগা হয় । সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ নেপালি চ’কৰ পৰা দৰ্শকৰ ভিৰ হৈছিল তেতিয়া নুনমাটি আৰক্ষী থানাই সুন্দৰভাবে নিয়ন্ত্ৰণ কৰি বন্ধ হৈ পৰা যাতায়ত ব্যৱস্থা মুকলি কৰি এক সুন্দৰ পৰিবেশ গঢ়ি শালবাৰী আঞ্চলিক ৰঙালী বিহুৰ অনুষ্ঠানসমূহ পৰিচালনা কৰাত সহায় কৰিছিল । নিশা জেং বিহু, হুঁচৰি, বাৰেৰহণীয়া কৃষ্টি আদিৰ প্ৰদৰ্শন কৰাৰ উপৰিও সাৰোদা হাজৰিকাই গীত পৰিবেশন কৰে ।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত