সৰস্বতী পাব্লিক একাডেমীত ‘ধৰিত্ৰী দিৱস’ উদযাপন

0 255

দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত সৰস্বতী পাব্লিক একাডেমী নামৰ বিদ্যালয়খনত আজি ‘ধৰিত্ৰী দিৱস’ উদযাপন কৰা হয়‌। পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ডিম্পী বৰা উপস্থিত থাকি বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সনেশ্বৰী ঠাকুৰীয়া, ৰত্নেশ্বৰ ঠাকুৰীয়া, অনু ঠাকুৰীয়া আদিকে ধৰি কেবাগৰাকীও ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছত অনুষ্ঠিত হোৱা সভাত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। অধ্যক্ষ ভূৱন দাস, শিক্ষক তথা কামৰূপীয়া লোককৃষ্টিৰ গুৰু সুকুমাৰ মেধী, পৰিচালনা সমিতিৰ সভাপতি সতীশ মজুমদাৰ, সম্পাদক নীৰেন দাস আদিকে ধৰি ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.