চেন্নাইলৈ ৰাওনা হ’ল জামুগুৰিহাটৰ ৩৫ বছৰৰ উৰ্দ্ধৰ ৩ খেলুৱৈ

0 273

চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ৪২ ত্বম ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকচ প্ৰতিযোগীতাত অংশগ্ৰহণৰ বাবে জামুগুৰিহাটৰপৰা ৩ খেলুৱৈ আজি চেন্নাইলৈ বুলি ৰাঁওনা হৈছে৷ছিনিয়ৰ এথলেটিকচ প্ৰতিযোগীতাখনিত অংশগ্ৰহণৰ বাবে ৰাঁওনা হোৱা ৩৫ বছৰ উৰ্দ্ধৰ ২ মহিলা খেলুৱৈ ক্ৰমে মৰমী বৰুৱা,অনিমা দাস আৰু ৪০ বছৰ উৰ্দ্ধৰ পুৰুষ খেলুৱৈগৰাকী দাদুল ভট্ট৷চেন্নাইৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত ২৭ এপ্ৰিলৰপৰা ১ মে’ লৈকে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগীতাত ৰাজ্যৰ ৪০ গৰাকী খেলুৱৈৱে অংশগ্ৰহণ কৰিব৷ইয়াৰ মাজৰপৰাই জামুগুৰিহাটৰ মহিলা খেলুৱৈ মৰমী বৰুৱাই শ্বটফুট ,অনিমা দাসে খোজকঢ়া আৰু পুৰুষ খেলুৱৈ দাদুল ভট্টই ২০০ আৰু ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.