মহানগৰীৰ নুনমাটিৰ সমীপৰ শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফলতাৰে কালি সামৰণি পৰে । কালি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি “দৈনিক অসম”ৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই কয়- অসমীয়া জাতি অতি সংস্কৃতিবান জাতি। অসমীয়া মানুহে শদিয়াৰ পৰা ধুবুৰীলৈ একেখন আকাশৰ তলতে ভিন ভিন জাতি জনগোষ্ঠীৰ লোকসকলে অনাদি কালৰে পৰা বসতি কৰি আহিছে। ঋতু অনুযায়ী নিৰ্দিষ্ট দিনত উলহ মালহেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। বড়ো, মিছিং, দেউৰী, ৰাভা, সোণোৱাল-কছাৰী, তিৱা আদি জনগোষ্ঠীয়ে একেটা ঋতুতে ভাষাৰ ভিন্নতা থাকিলেও উদ্যমেৰে বিহু উদযাপন কৰে। সাহিত্যিক পেঞ্চনাৰ, গল্পকাৰ “সাহিত্য কোঁৱৰ” কমল কলিতাই সঞ্চালনা কৰা উদ্ধোধনী অনুষ্ঠানত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মা, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়, বিশিষ্ট সমাজসেৱক তনুৰাম ডেকা, লেখিকা পুতুলী ঠাকুৰীয়া মেধি, বিশিষ্ট শিল্পী নগেন বৈশ্য, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰী, দিবাকৰ নাথে ক্ৰমে মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লৈ বিহুৰ নান্দনিক দিশৰ ওপৰত আলোকপাত কৰে। শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সাহিত্যিক পেন্সনাৰ, কমল কলিতাই । সাংস্কৃতিক শোভাযাত্ৰা, শ্বহীদ তৰ্পণ, খেল-ধেমালি আৰু আধুনিক নৃত্য প্ৰতিযোগিতা, অসমীয়া সাজপাৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় । আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰায় ১০১ গৰাকী প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হয়। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান নিশা ৯ বজাত শেষ কৰিব লগা হয় । সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ নেপালি চ’কৰ পৰা দৰ্শকৰ ভিৰ হৈছিল তেতিয়া নুনমাটি আৰক্ষী থানাই সুন্দৰভাবে নিয়ন্ত্ৰণ কৰি বন্ধ হৈ পৰা যাতায়ত ব্যৱস্থা মুকলি কৰি এক সুন্দৰ পৰিবেশ গঢ়ি শালবাৰী আঞ্চলিক ৰঙালী বিহুৰ অনুষ্ঠানসমূহ পৰিচালনা কৰাত সহায় কৰিছিল । নিশা জেং বিহু, হুঁচৰি, বাৰেৰহণীয়া কৃষ্টি আদিৰ প্ৰদৰ্শন কৰাৰ উপৰিও সাৰোদা হাজৰিকাই গীত পৰিবেশন কৰে ।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা